ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও:এক হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি আজি পুৱাৰে পৰা অসমীয়া গহনাৰ বাবে খ্যাত নগাঁৱৰ ৰণথলী অঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ৰণথলীৰ অসমীয়া গহনাৰ যুৱ ব্যৱসায়ী তথা নগাঁও চহৰৰ ‘গহনা’ নামৰ অসমীয়া গহনাৰ প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী প্ৰশান্ত বণিয়া(৩২)ৰ হত্যাকাণ্ডক লৈ ৰণথলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
উল্লেখ্য, কালি সন্ধিয়া নগাঁও চহৰৰ পৰা নিজ গৃহলৈ ঘূৰি আহি পুনৰ নিজৰ এবছৰীয়া সন্তানৰ বাবে ঔষধ ক্ৰয় কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল প্ৰশান্ত বণিয়া । জানিব পৰা মতে, ঘৰৰ সমীপতে ৰজাভেটি তিনিআলিত প্ৰশান্তৰ গাড়ী আগুচি ধৰি ৰিমন শইকীয়া ওৰফে চিকেন্দ্ৰজিত আৰু তেওঁৰ ভাতৃ নিতুল শইকীয়াই চোকা অস্ত্ৰৰে প্ৰশান্তক আক্ৰমণ কৰে ।
আনহাতে মুৰ্মুষ অৱস্থাত প্ৰশান্তক ততাতৈয়াকৈ নগাঁও চহৰৰ এখন নাৰ্ছিংহোমলৈ অনা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । জানিব পৰা মতে, কেইমাহমান পূৰ্বে প্ৰশান্ত বণিয়াৰ ঘৰৰ পৰা সোণৰ গহণা চুৰিৰ ঘটনাক লৈ প্ৰশান্ত আৰু ৰিমনৰ মাজত মনোমালিন্য ঘটে যদিও প্ৰশান্তই বিষয়টো সহজভাৱে লয়।
পিছে প্ৰশান্তৰ এনে সৰলতাৰ বিপৰীতে চিকেন্দ্ৰজিতে ভাতৃ নিতুল শইকীয়াই সৈতে লগ হৈ কালি সন্ধিয়া প্ৰশান্তক নৃশংসভাৱে হত্যা কৰে বুলি স্হানীয় ৰাইজে অভিযোগ কৰে । ইপিনে এই ঘটনাৰ পিচতে চিকেন্দ্ৰজিতে নিশা এঘৰ মানুহৰ বাথৰূমত আত্মগোপন কৰি আছিল।
কিন্তু পুৱা ক্ষোভিত ৰাইজে চিকেন্দ্ৰৰ সন্ধান লাভ কৰাৰ লগে লগে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আজি পুৱা উত্তেজিত ৰাইজে চিকেন্দ্ৰজিতক খেদি খেদি এখন পথাৰত পেলাই লৈ গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে।
ৰাইজৰ আক্ৰমণত চিকেন্দ্ৰজিত গুৰুতৰভাৱে আহত হয় ।ইপিনে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চিকেন্দ্ৰজিতক উদ্ধাৰ কৰি সদৰ থানালৈ লৈ অনাৰ চেষ্টা কৰে যদিও ৰাইজে চিকেন্দ্ৰজিত আৰক্ষীক গতাই দিবলৈ মান্তি নহয়। এই লৈ আৰক্ষী আৰু জনতাৰ মাজত বাক বিতণ্ডাৰো সৃষ্টি হয়।
আনহাতে উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰে যদিও ৰাইজক ছত্ৰভংগ দিয়াত ব্যৰ্থ হয়। পিছত ঘটনাস্থলীত চিআৰপিএফৰ দল উপস্থিত হৈ লাঠীচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীয়ে অভিযুক্ত চিকেন্দ্ৰজিতক গ্ৰেপ্তাৰ কৰি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।
ইয়াৰ কিছুসময়ৰ পিছতে হত্যাকাণ্ডত জড়িত চিকেন্দ্ৰৰ ভাতৃ নিতুলক ৰাইজে আটক কৰি উত্তম-মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে, ৰণথলীৰ জীৱন বণিয়া আৰু মামনি বণিয়াৰ বৰপুত্ৰ প্ৰশান্তই মৃত্যুৰ সময়ত পত্নী আৰু এটি এবছৰীয়া সন্তানক ইহসংসাৰত এৰি থৈ যায় ।বৰ্তমানেও উক্ত অঞ্চলটোত এক চেপা উত্তেজনাই বিৰাজ কৰি আছে।
ইপিনে শেহতীয়াকৈ জানিব পৰা মতে ৰাইজৰ প্ৰহাৰত গুৰুতৰ ভাবে আহত ঘটনাৰ মূল অভিযুক্ত ৰিমন শইকীয়া ওৰফে চিকেন্দ্ৰজিতৰ চিকিৎসাধীন অৱস্হাতে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত মৃত্যু ঘটে। আনহাতে ৰাইজৰ প্ৰহাৰত আহত হোৱা আনজন অভিযুক্ত নিতুল শইকীয়াৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।














