নিউজ ডেক্স:
প্ৰতিদিনে দেশত সংঘটিত ধৰ্ষণ কাৰ্য্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এইবাৰ এনে এক জঘন্য ঘটনা সংঘটিত হয় শোণিতপুৰৰ ঠেলামৰাৰ বৰপুখুৰীত। দোকানলৈ গৈ থকা অৱস্থাত মুখত সোপা দি এগৰাকী ১৫ বছৰীয়া নাবালিকাক পথাৰলৈ নি বলাৎকাৰ কৰে আজমল হুচেইন নামে এক ধূৰ্তই।
ভূক্তভোগী নাবালিকাই চিঞৰ-বাখৰ কৰাত স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হয় আৰু হাতে-লোতে ধৰা আজমলক গতাই দিয়ে ঠেলামৰা আৰক্ষী থানাত।ঠেলামৰা আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
উল্লেখযোগ্য যে স্বচ্ছ ভাৰত মিছনৰ অধীনত অনাময় শৌচালয় নিৰ্মাণৰ কামত নিয়োজিত আছিল বৰছলাৰ ফটাশিমলুৰ অভিযুক্ত যুৱকজন। আৰক্ষীয়ে আজমল হুছেইনক জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷













