ষ্টাফ ৰিপ’ৰ্টাৰ:
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত গুৱাহাটীৰ আৰু প্ৰাগজ্যোতিষপুৰ শিক্ষা খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ ধৰ্ণা কাৰ্যসূচী।শিক্ষক সকলক ২০১৯ বর্ষত মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰা দাবীত গ্ৰহণ কৰা হয় ধৰ্ণা কাৰ্যসূচী।
শিক্ষক সকলৰ প্ৰধান দাবী সমূহ হৈছে -সপ্তম দৰমহাৰ বিধিৰ ভিত্তিত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু স্নাতক শিক্ষকৰ গ্ৰেড পে’ আদায় দিব লাগে।
২০১৯ বৰ্ষ বৃত্তি পৰীক্ষাৰ ফলাফল শীঘ্ৰে ঘোষণা কৰিব লাগে।
ৰাষ্ট্রীয় শিক্ষানীতি ২০২০ প্ৰয়োগৰ পূৰ্বে সকলো ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মিয়াকৰণ কৰা লগতে প্ৰাপ্য গ্ৰেড পেকে ধৰি অন্যান্য সুবিধা সমূহ প্ৰদান কৰিব লাগে।
বেতন বঞ্চিত শিক্ষকৰ প্ৰাপ্য বেতন আদায় দিয়া লগতে চাকৰি নিয়মীয়াকৰণ কৰিব লাগে।
অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশিকৰণ কৰা লগতে নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰাখিবলৈ দাবী জনায়।
গুৱাহাটী মহকুমাৰ বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শকৰ ৰিহাবাৰী কাৰ্যলয় সন্মুখত সাব্যস্ত কৰা ধৰ্ণা কাৰ্যসূচীত উপস্থিত থাকে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী সম্পাদক প্ৰধান ৰাতুল চন্দ্ৰ গোস্বামী।
উল্লেখ দুই ঘন্টা জোৰা ধৰ্ণা অন্তত শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ তেওঁলোকৰ দাবী সম্বলিত পত্ৰ প্ৰেৰণ কৰে।













