মনোজ কুমাৰ পাঠক:
লংকা : ভূমিহীন লোকক অসম চৰকাৰে দ্বিতীয় পৰ্যায়ত প্ৰদান কৰা ৫৫ হেজাৰ মাটিৰ পট্টা প্ৰদানৰ কাৰ্যসূচীৰ অংশস্বৰূপে হোজাই জিলাতো সোমবাৰে মাটিৰ পট্টা আৰু ভূমিৰ আৱন্টন পত্ৰ প্ৰদান কৰা হয়।
জিলাখনৰ তিনিটা ৰাজহ চক্ৰ ক্ৰমে ডবকা, লংকা আৰু হোজাই ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ ১৪৯৫টা খিলঞ্জীয়া পৰিয়াললৈ মাটিৰ আবণ্টন পত্ৰ আৰু ২১২টা পৰিয়ালৰ মাজত মাটিৰ ম্যাদি পট্টা বিতৰণ কৰা হয়৷কাৰ্য্যসূচীত উপস্হিত থাকি আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যয়ে নিজ হাতেদি প্ৰদান কৰে এই ভূমি পট্ৰা আৰু আৱন্টন পত্ৰ।
সভাত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ সাফল্যৰ বহুকেইটা দিশ উল্লেখ কৰে৷হোজাই জিলা ৰাজহ আৰু দূয্যোগ ব্যৱস্হাপনা বিভাগৰ উদ্যোগত জিলা সদৰ শংকৰদেৱ নগৰত অনুস্হিত এই কাৰ্যসূচীত হোজাই জিলাৰ উপায়ুক্ত ডা° সাদনেক সিঙো উপস্হিত থাকে ।













