মনোজ কুমাৰ পাঠক:
লংকা : লংকাৰ শংকৰদেৱ নগৰত হোজাই জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ।SI পৰীক্ষাৰ ন্যায়িক তদন্ত বিচাৰি আৰু সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ পদত্যাগৰ দাবীৰে এই প্ৰতিবাদ ।হোজাইৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও প্ৰতিবাদকাৰীৰ।
প্ৰতিবাদৰ সময়ছোৱাত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত ঠেলা হেঁচা।প্ৰতিবাদকাৰীয়ে কিছু সময়ৰ বাবে কৰে ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ।প্ৰায় পাঁচ শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তুলে প্ৰতিবাদস্থলী।ইতিমধ্যে সকলো প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে।













