ASSAM TIMES POST
নতুন দিল্লীঃ ভাৰতৰ প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজৰ মৰণোত্তৰ আত্মাৰ সদগতি কামনাৰে ভূটানৰ এটা মনেষ্ট্ৰীত শেহতীয়াকৈ অনুষ্ঠিত হয় এখন বিশেষ প্ৰাৰ্থনা সভা।

ইয়াত আগভাগ লয় ইয়াৰ ৰজা জিগমে খেচাৰ নামগায়েল ৱাংচুকে। প্ৰয়াত স্বৰাজৰ স্মৃতিত মনেষ্ট্ৰীটোত এহাজাৰ গছ ঘিঁউৰ চাকি প্ৰজ্জ্বলন কৰা হয়। ইয়াতে গ্ৰহণ কৰা শোক প্ৰস্তাৱ ইতিমধ্যে স্বৰাজৰ পৰিয়াল আৰু ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে। প্ৰসংগক্ৰমে ভূটান চৰকাৰেও স্বৰাজৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।














