কৰোনা সঙ্কটত অত্যাৱশ্যকীয় পণ্যত পৰিণত হৈ পৰিছে মাস্ক আৰু ছেনিটাইজাৰ। চিনেমা চাবলৈ গ’লেও এতিয়াৰ পৰা মাস্ক পিন্ধি যাবই লাগিব। নহ’লে প্ৰৱেশ কৰিব নিদিব। নতুন নির্দেশনাত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে এই নিৰ্দেশনা।
৫ অক্টোবৰৰ পৰা কনটেনমেন্ট জ’নৰ বাহিৰে চিনেমা হল, মাল্টিপ্লেক্স আৰু থিয়েটাৰ খুলিব। তাৰ পূৰ্বে আজি মঙ্গলবাৰে পুৱা নিয়মাৱলীৰ এখন তালিকা প্রকাশ কৰে কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্ৰালয়ে। তাত কোৱা হৈছে :
# অডিটৰিয়ামৰ বাহিৰত, ৰাজহুৱা স্থান আৰু অপেক্ষা স্থানত, সকলোতে প্ৰায় ছয় ফুটৰ শাৰীৰিক দূৰত্ব বজায় ৰিখিব লাগিব।
# সকলোৱে মাস্ক পিন্ধাটো বাধ্যতামূলক। বাহিৰত শাৰী পতাৰ পৰা হলৰ ভিতৰত বহি ছবি চোৱালৈ মুখত সকলো সময়তে মাস্ক থাকিব লাগিব।
# চিনেমা হলৰ প্রবেশ-প্ৰস্থান দ্বাৰ আৰু উমৈহতীয়া স্থান সকলোতে হেণ্ড ছেনিটাইজাৰৰ ব্যৱস্থা ৰাখিব লাগিব।
# হাতেৰে স্পর্শ নকৰাকৈ ছেনিটাইজাৰৰ বটল খুলি ছেনিটাইজাৰ লোৱাৰ ব্যৱস্থা থাকিব লাগিব।
# অনলাইন টিকট বুকিং, খাদ্য আৰু পানীয় কিনাৰ সময়ত ই-ৱালেট বা QR কোড ব্যৱহাৰৰ নিৰ্দেশ।
# টিকট বুকিঙৰ সময়ত গ্রাহকৰ ফোন নম্বৰ লিপিবদ্ধ কৰিব লাগিব চিনেমা হল আৰু অডিটৰিয়াম কর্তৃপক্ষই৷ যাতে কোনোবা আক্রান্ত হ’লে তেওঁৰ সংস্পর্শত কোন কোন আহিছে, তেওঁলোক ক’ত থাকে, ক’লৈ গৈছে সেইবোৰ সুধি নথিবদ্ধ কৰিব পৰা যায়।
# হাঁচি-কাহৰ সময়ত ৰুমাল, টিছু পেপাৰ ব্যৱহাৰ আৰু টিছু পেপাৰ পেলাবৰ বাবে নিৰ্দিষ্ট স্থান।
# কোনো ধৰণৰ অসুস্থতা দেখা দিলে তৎকালে সংশ্লিষ্ট এলেকাৰ হেল্পলাইনত ফোন কৰি জনাব লাগিব।
# য’তে ত’তে থু পেলাব নোৱাৰিব।
# সকলোৰে ফোনত আৰোগ্য সেতু এপ থাকিব লাগিব।
# হলত প্ৰৱেশৰ পূৰ্বে থাৰ্মেল স্ক্রিনিঙৰ ব্যৱস্থা বাধ্যতামূলক।
# কেৱল মাত্র উপসর্গহীনসকলকহে হলত প্ৰৱেশ কৰিব দিয়া হ’ব।
# মাল্টিপ্লেক্সবোৰত ভিৰ এৰাই চলাৰ পৰামর্শ।
# হলৰ কর্মচাৰীসকলৰ ক্ষেত্র নিয়মিত ছেনিটাইজেচন, গ্লভছ, বুট, মাস্ক আৰু পিপিইৰ বন্দোবস্ত কৰিব লাগিব।
# সামাজিক দূৰত্ব বজায় ৰাখিবলৈ মুঠ আসনৰ ৫০ শতাংশহে ভৰাব পাৰিব।
# বাহিৰৰ পৰা খাদ্য লৈ প্ৰৱেশ কৰিব নোৱাৰিব। অৱশ্যে পেকেটিং খাদ্য নিব পাৰিব।