
ডিফু : যোৱা আগষ্ট মাহত কাৰবি আংলঙৰ টকৌলাংছৰ নান্দনিৰ পৰিৱেশৰ মাজত থকা জলপ্ৰপাতৰ কাষত নিজৰ অস্থিত্ব জাহিৰ কৰিবলৈ অস্ত্ৰ- শস্ত্ৰ আৰু সংগীয় কেডাৰ সহ মুক্ত বিচৰণ কৰা মাৰ্টিন গুইটে যোৱা নিশা কাৰবি আংলঙ আৰক্ষীৰ হাতত ধৰাশায়ী প্ৰাণ দিবলগীয়া হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি এক গোপন সূত্ৰৰ ভিত্তিত যোৱা নিশা কাৰবি আংলং আৰক্ষীৰ এক অভিযানকাৰী দলে সিংহাসন পাহাৰৰ জলিয়াঙত এক দু: সাহসিক অভিযান চলায় ৷ নিশা ইউপিআৰএ আৰু অভিযান কাৰীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী চলে ৷ পুৱাৰ ভাগত ঘটনা স্থলীত এটি মৃতদেহ উদ্ধাৰ হয় ৷
মৃতদেহটি পিছত ইউপিআৰএৰ সেনাধ্যক্ষ মাৰ্টিন গুইটে বুলি চিনাক্ত কৰা হয় ৷ ঘটনাস্থলীৰ পৰা এটা ৭’৬৫ পিষ্টল সহ চাৰিজাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ যোৱা মাৰ্টিন গুইটেৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত অনাৰ পিছত কাৰবি আংলং জিলা আৰক্ষীৰ হৈ অতিৰিক্ত জিলা আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱাই সাংবাদিকসকলক সম্বোধন কৰি এইদৰে কয় যে, গোটেই নিশা সিংহাসন পাহাৰৰ ঘন অৰন্যত উগ্ৰপন্থী সংগঠনটোৰ সৈতে আৰক্ষীৰ গুলীয়াগুলী হৈছিল আৰু ৰাতিপুৱা পোহৰত মাৰ্টিন গুইটেৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷
মৃত গুইটে ইউকেডিএ নামৰ উগ্ৰপন্থী সংগঠনেৰে আত্ম প্ৰকাশ কৰি পিছলৈ ইউপিআৰএ নামৰ আন এটা উগ্ৰপন্থী সংগঠন খুলি নিজে সেনাধ্যক্ষ হৈছিল ৷ সংগঠনটোত প্ৰায় ২০ জন কেডাৰ থাকিব পাৰে বুলি তেওঁ সন্দেহ প্ৰকাশ কৰিছে ৷












