ASSAM TIMES POST
ইছলামাবাদঃ কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰত বৰ্তি থকা সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল কৰাত সমঝৌতা আৰু থৰ এক্সপ্ৰেছৰ চলাচল স্থায়ীভাৱে বন্ধ কৰাৰ পাছত এইবাৰ লাহোৰ-দিল্লী ‘দোস্তী’ বাছ সেৱা বন্ধ কৰিলে পাকিস্তানে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত শনিবাৰে প্ৰকাশিত বাতৰি অনুসৰি অমৃতসৰ আৰু লাহোৰৰ মাজত চলা বাছখনে এজনো যাত্ৰী অবিহনেই অমৃতসৰত উপস্থিত হয়হি। এই বাছখনৰ চালকজনে কয় যে এই বাছ সেৱা বন্ধ কৰাক লৈ পাকিস্তানৰপৰা কোনো আনুষ্ঠানিক বা লিখিত পত্ৰ পোৱা হোৱা নাই। অৱশ্যে পাকিস্তানৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে উক্ত বাছ সেৱা বাতিল কৰা হৈছে।













