ASSAM TIMES POST
নগাঁওঃ কলকাতাৰ আশুতোষ বাৰ্থ চেন্টিনাৰী অডিটেৰিয়াম,ভাৰতীয় যাদুঘৰত অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’ব ‘আন্তর্জাতিক সাহিত্য- সংস্কৃতি উৎসৱ-২০১৯’-ত অসমৰ চাৰিগৰাকী প্ৰসিদ্ধ লিখক-উপন্যাসিকৰ চাৰিখন মূল্যৱান উপন্যাসৰ বাংলা অনুবাদ উন্মোচন কৰা হ’ব। পশ্চিমবংগৰ বিশিষ্ট সাহিত্যিক-অনুবাদক শক্তিময় দাসে বাংলা ভাষাত অনুবাদ কৰা অসমীয়া ভাষাৰ এই উপন্যাস চাৰিখন হৈছে ৰজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’, চৈয়দ আব্দুল মালিকৰ ‘ধন্য নৰ তনু ভাল’, ৰংবং তেৰাঙৰ ‘ৰংমিলিৰ হাঁহি’ আৰু নুৰুল চুলতানৰ ‘নদীৰ দৰে’।
উল্লেখ্য, বাংলা সাহিত্যিক-অনুবাদক শক্তিময় দাসে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ, মাধৱদেৱৰ পৰা আৰম্ভ কৰি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, নৱকান্ত বৰুৱা, মহিম বৰাকে প্ৰমুখ্য কৰি অসমৰ বিভিন্ন কবি, সাহিত্যিকৰ ডেৰকুৰিৰো অধিক গ্ৰন্থ ইতিমধ্যে বাংলা ভাষালৈ অনুবাদ কৰিছে। কলকাতাৰ জাতীয় সাহিত্য প্ৰকাশন ট্ৰাষ্টৰ সম্পাদক তথা সাহিত্যিক শক্তিময় দাসে জানিবলৈ দিয়া মতে, আন্তর্জাতিক সাহিত্য-সংস্কৃতি উৎসৱত উন্মোচন কৰিবলগা মুঠ সাতখন অনুবাদ গ্ৰন্থৰ চাৰিখন হৈছে অসমীয়া ভাষাৰ।
সাহিত্যিক দাসে আৰু জনোৱা মতে কলকাতাৰ আশুতোষ বাৰ্থ চেন্টিনাৰী অডিটেৰিয়ামৰ ভাৰতীয় যাদুঘৰত অহা ২৬ ছেপ্টেম্বৰৰ পৰা ২৯ ছেপ্টেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে ‘আন্তর্জাতিক সাহিত্য-সংস্কৃতি উৎসৱ-২০১৯’ অনুষ্ঠিত হ’ব। এই উৎসৱৰ চাৰিদিনীয়া কাৰ্যসূচীত সাহিত্য আলোচনা, কবি সন্মিলন, চুটি গল্প পাঠ, স্মৃতিগ্ৰন্থ উন্মোচন, আবৃত্তি, তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, কুইজ, গ্ৰন্থ উন্মোচন আদিৰ লগতে আন্তর্জাতিক পৰ্যায়ৰ চিত্ৰকলা প্ৰদৰ্শন, চিত্ৰ প্ৰদৰ্শনী আৰু কৰ্মশালা, শাস্ত্ৰীয় আৰু লোক সংস্কৃতিৰ বিভিন্ন নৃত্য-গীত আদি অনুষ্ঠিত হ’ব।
ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ জীৱন-কৰ্ম আৰু অৱদানৰ লগতে অন্যান্য বিষয়ৰ ১৫ খন গুৰুত্বপূৰ্ণ আলোচনা চক্রও অনুষ্ঠিত হ’ব। উল্লেখ্য, ভাৰতবৰ্ষৰ এগৰাকী মনীষী ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ দ্বি-শতবৰ্ষ জন্মপূৰ্তি স্মৰণোৎযাপন উপলক্ষে কলকাতাৰ ভাৰতীয় যাদুঘৰৰ সহযোগিতাত আৰু জাতীয় সাহিত্য প্ৰকাশন ট্ৰাষ্টৰ উদ্যোগত এই ‘আন্তর্জাতিক সাহিত্য-সংস্কৃতি উৎসৱ-২০১৯’ আয়োজন কৰা হৈছে।
আন্তর্জাতিক সাহিত্য-সংস্কৃতি উৎসৱৰ বিভিন্ন প্ৰতিযোগিতা,আলোচনা চক্র আৰু অন্যান্য কাৰ্যসূচীত অংশগ্রহণ কৰিব বিচৰা ইচ্ছুক ব্যক্তিক অহা ২৭ আগষ্টৰ ভিতৰত যোগদান কৰিবলৈ জাতীয় সাহিত্য প্ৰকাশন ট্ৰাষ্টে আহ্বান জনোৱাৰ লগতে স্মৃতিগ্ৰন্থ আৰু চেমিনাৰৰ বাবে ১ ছেপ্টেম্বৰৰ ভিতৰত পোৱাকৈ লিখনিসমূহ প্ৰেৰণ কৰিবৰ বাবে অনুৰোধ জনাইছে।
ইচ্ছুক ব্যক্তিক নিজৰ যাৱতীয় বিৱৰণ সহ ছেক্ৰেটেৰী কম এক্সিকিউটিভ ট্ৰাষ্ট, জাতীয় সাহিত্য প্ৰকাশন ট্ৰাষ্ট, ১/৮ ওলাইচণ্ডী ৰোড, ডাকঘৰঃ বেলগাছিয়া, কলকাতা-৭০০০৩৭ ,পশ্চিমবংগ, দূৰভাষঃ (০)৯৪৭৭০৫৪১২২/৮৫৮৫৮৬৭৭২০, ই-মেইলঃ jsptrust@hotmail.com/shaktimoydas@gmail.com-ৰ লগত যোগাযোগ কৰিবলৈ সংস্থাটোৱে অনুৰোধ জনাইছে।













