ASSAM TIMES POST
নতুন দিল্লীঃ ২৫ বছৰীয়া প্ৰেমক লৈ শুকুৰবাৰে নষ্টালজিক হৈ পৰে বলিউডৰ তাৰকা ছলমান খান আৰু মোহময়ী অভিনেত্ৰী মাধুৰী দীক্ষিত। ইয়াৰ সাক্ষী হৈ ৰয় ৰেণুকা চাহানে, মণীষ বাহল, পৰিচালক সুৰজ বাৰ্জাত্য।
মুম্বাইত অনুষ্ঠিত কাৰ্যসূচীত ছলমান আৰু মাধুৰীৰ ৰোমান্টিক নৃত্যই সকলোকে মুগ্ধ কৰিবলৈ সক্ষম হয়। আচলতে ১৯৯৪ চনত মুক্তিপ্ৰাপ্ত ‘হাম আপকে হে কৌন…!’ শীৰ্ষক জনপ্ৰিয় চলচ্চিত্ৰখনে শুকুৰবাৰৰ দিনটোত ২৫ বছৰ সম্পূৰ্ণ কৰে।
ইয়াৰ জনপ্ৰিয় গীত ‘পেহলা পেহলা প্যাৰ হে’ৰ তালে-তালে দুয়ো শুকুৰবাৰে যি নৃত্য কৰিছিল, সেয়া ২৫ বছৰ পূৰ্বে চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণত কৰাতকৈ অলপো বেলেগ নাছিল।
সেয়ে উপস্থিত সকলোৱে দুয়ো ২৫ বছৰে প্ৰেমৰ নাওঁখন চলাই আহিছে বুলি কৈ ৰসিকতা কৰে। ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চলচ্চিত্ৰখনৰ ‘দিদি তেৰা দিৱাৰ দিৱানা’ শীৰ্ষক গীতটিৰ জনপ্ৰিয়তা এতিয়াও অক্ষুণ্ণ আছে।













