ষ্টাফ ৰিপ’ৰ্টাৰ:
২০২১ চনৰ নিৰ্বাচনলৈ এতিয়া বিভিন্ন ঠাইত সৃষ্টি হৈছে কোঁচকাৱাজৰ। প্ৰতিদিনাই ঠায়ে ঠায়ে চলিছে নিৰ্বাচনৰ আলোচনা তথা নিৰ্বাচনী প্ৰচাৰ। শুকুৰবাৰে গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিজেপিৰ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী সোণোৱালে ভাষণত ক’লে বিদেশী বহিষ্কাৰৰ কথা।
ৰাজ্যত অব্যাহত থকা মোগলৰ আক্ৰমণৰ ফলত খিলঞ্জীয়াই জাতি, মাটি, ভেঁটিৰ অধিকাৰ হেৰুৱাইছে বুলি কোৱাৰ লগতে নিজ অস্তিত্ব ৰক্ষাৰ বাবে বীৰ লাচিৰ দৰে থিয় হৈ এই বিদেশীক খেদিব লাগিব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।
ৰাজ্যত বিজেপিৰ কাৰ্যকৰ্তাৰ সংখ্যা ৫২ লাখলৈ বৃদ্ধি পোৱাৰ কথাও জানিবলৈ দিয়ে সৰ্বানন্দ সোণোৱালে। আনহাতে সভাত উপস্থিত থাকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো তীব্ৰ আক্ৰমণ কৰে এটা বিশেষ সম্প্ৰদায়ক।মন্ত্ৰী শৰ্মাই আজমলৰ সভাত আৰবী ভাষা ব্যৱহাৰৰ সন্দৰ্ভত কয় যে,আজমলৰ সভাত উৰ্দু আৰু আৰবীক ভাষা ব্যৱহাৰ কৰা হৈছে কিন্তু কোনেও প্ৰতিবাদ কৰা নাই।
যদি বাঙালী আৰু বড়োভাষাৰ ব্যৱহাৰত বেমেজালী হয় তেতিয়া সকলো জাঙুৰ খাই উঠে। বাঁওপন্থীসকলে অসমত সংঘাত লগাইছে।অসমত আজি সভ্যতাৰ যুঁজ আৰম্ভ হৈছে।এনেকৈ থাকিলে ১০ বছৰৰ পিছত আজমলে সিদ্ধান্ত লব অসমত কি হব।’













