ASSAM TIMES POST
গোলাঘাটঃ ডিজিটেল প্ৰযুক্তিৰ সহায়ত নিজ কাৰ্যালয়তে বহি গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰৰ বিদ্যালয়সমূহৰ ওপৰত নিৰীক্ষণ ব্যৱস্থাৰ অভিনৱ পদ্ধতি গ্ৰহণ কৰিছে জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বৰাই৷ ইয়াৰ দ্বাৰা বিদ্যালয়সমূহৰ শ্ৰেণীকোঠাৰ পাঠদানকে ধৰি শিক্ষকৰ জিৰণি কোঠা, বিদ্যালয়ৰ চৌহদ আদি এতিয়াৰে পৰা নখ দৰ্পণত থাকিব পৰিদৰ্শকৰ৷
ইয়াৰ বাবে বিদ্যালয় সমূূহত স্থাপন কৰা চিচিটিভি কেমেৰাসমূহ ‘জিঅ ফেঞ্চিং ডিভাইচ’ৰ দ্বাৰা বিশেষভাৱে সংযোগ কৰি পৰিদৰ্শকগৰাকীয়ে নিজৰ মোবাইল অথবা লেপটপ যোগে বিদ্যালয় একোখনৰ কামকাজৰ বাতৰি পোৱাৰ ব্যৱস্থা লৈছে৷ এই মৰ্মে জিলাখনৰ সকলো বিদ্যালয়তে চিচিটিভি কেমেৰা স্থাপনৰ ব্যৱস্থা ল’বলৈ বিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনাইছে৷
প্ৰতিদিনে নিজে গৈ বিদ্যালয় পৰিদৰ্শনৰ সমস্যা এনেদৰে ডিজিটেল ব্যৱস্থাৰে সমাধানৰ উদ্যোগ লোৱাৰ কথাই জিলাখনৰ বিদ্যালয়সমূহৰ শৈক্ষিক কামকাজৰ মানদণ্ড উন্নত হোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে৷ দূৰ-দূৰণিৰ অতি ভিতৰুৱা অঞ্চলৰ বিদ্যালয় পৰ্যবেক্ষণতো ই সহায়ক হ’ব৷ উল্লেখ্য যে জিলাখনৰ বিদ্যালয়সমূহৰ শৈক্ষিক পৰিৱেশ উন্নীতৰ লগতে ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ গাইডেন্স আদিৰ দৰে বিষয়তো বিদ্যালয় পৰিদৰ্শক ড০ সমীৰণ বৰাই বিশেষ উদ্যোগ গ্ৰহণ কৰিছে৷













