ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ দেশৰ দুই স্বাধীনতা যুঁজাৰু শ্বহীদ ক্ৰমে শ্বহীদ বিজু বৈষ্ণৱ শ্বহীদ কমলা মিৰি আৰু প্ৰথম অসমীয়া কথাছবিৰ প্ৰথম গৰাকী নায়িকা আইদেউ সন্দিকৈৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপনৰ আধাৰশিলা স্থাপনৰ পিছত অসম চৰকাৰৰ কৃষি, পশুপালন আৰু খাদ্য সৰশাধন বিভাগৰ কেবিনেট মন্ত্ৰী তথা বোকাখাত বিধান সভা সমষ্টিৰ বিধায়ক অতুল বৰাই আজি বোকাখাতত এটি অত্যাধুনিক ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ বাবে ১০ কোটি টকাৰ প্ৰাথমিক অনুদান সাপেক্ষে এটি সংহত ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।
বোকাখাত ষ্টেডিয়াম চৌহদত অনুষ্ঠিত এক সভাত মন্ত্ৰী বৰাই এই তথ্য সদৰি কৰে আৰু পিছত সাংবাদিকৰে সতে হোৱা এক বাৰ্তালাপত উক্ত প্ৰকল্পৰ বাবে অধিক ৬৪ কোটি টকাৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰি কয় যে বাকী ধনৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে ইতিমধ্যে আলোচনা কৰা হৈছে।
এই অনুদানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰাৰ কথা মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত সদৰি কৰে। নাৰিকল ভাঙি ক্ৰীড়া প্ৰকল্পৰ শিলান্যাস ফলক উন্মোচন কৰি মন্ত্ৰী গৰাকীয়ে নিজকে এজন খেলুৱৈ বুলি সন্তোষেৰে দোহাৰে। লগতে তেওঁ কয় যে খেলৰ উন্নয়নতে জাতিৰ উন্নতি নিহিত থাকে।
শাৰীৰিক সক্ষমতাই এটা এটা জাতিৰ প্ৰতি গৰাকী ব্যক্তিৰ উত্তৰণৰ সোপান ৰচে। গতিকে খেলৰ অনুশীলনৰ বাবে বোকাখাত ষ্টেডিয়ামৰ উন্নয়নত তেওঁ নিজেই অধিক গুৰুত্ব দিব তথা বোকাখাত ষ্টেডিয়ামক দেশৰে এখন আগশাৰীৰ ষ্টেডিয়াম হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি উল্লেখ কৰে।
বহুআকাংশিত এই ক্ৰীড়া প্ৰকল্পটো নিখুঁতভাৱে তথা কোনোধৰনৰ বেমেজালি নোহোৱাকৈ নিৰ্মান কৰিবলৈ মন্ত্রী গৰাকীয়ে ৰাইজলৈ আহ্বান জনায়। এই ক্ষেত্ৰত স্থানীয় জনসাধাৰণৰ সজাগতা আৰু সহযোগিতাৰ মন্ত্ৰীগৰাকীয়ে কামনা কৰে। বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতাই আঁত ধৰা সভাত বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামে আদৰণী ভাষণ প্ৰদান কৰে। আদৰণী ভাষণত মহকুমাধিপতি গৰাকীয়ে সংহত ক্ৰীড়া প্ৰকল্পটোৰ বিস্তৃত পৰিকল্পনা দাঙি ধৰি কয় যে, সমগ্ৰ প্ৰকল্পটোত এখনকৈ ক্ৰিকেট গ্ৰাউণ্ড আৰু ফুটবল গ্ৰাউণ্ড, দৰ্শকৰ বহাৰ বাবে আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ গেলাৰী আৰু উন্নত মানদন্দৰ ফ্লাচ লাইটৰ ব্যৱস্থা থাকিব।
উল্লেযোগ্য যে, সংহত ক্ৰীড়া প্ৰকল্পটো বোকাখাতৰ লগতে দাঁতি কাষৰিয়া অঞ্চলৰ খেলুৱৈসকলৰ বাবে যথেষ্ঠ সুবিধাজনক হ’ব। জিলা শিক্ষা বিষয়া মনোৰমা দাসে অনুষ্ঠানত বক্তব্য ৰাখে। আজিৰ এই অনুষ্ঠানত লগতে অসম বিধানসভাৰ প্ৰাক্তন উপাধক্ষ্য বলোভদ্ৰ তামুলি, সমাজকৰ্মী জিতেন শৰ্মা আৰু মহাবীৰ প্ৰসাদ আগৰৱালা, দিলীপ শইকীয়া, জীৱেশ্বৰ বৰা, চন্দ্ৰ শৰ্মা, উৎপল বৰদলৈ, জীৱেশ্বৰ হাজৰিকা, অসম ক্ৰিকেট সন্থাৰ উপসভাপতি পৰিক্ষিত দত্ত, কবি-সাহিত্যিক নুৰুল চুলতান, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাকে আদি কৰি বোকাখাত মহকুমাৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। মন্ত্ৰী অতুল বৰাই আজি ১০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মান হবলগীয়া বোকাখাত বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ খনৰো আধাৰশিলা স্থাপন কৰে।













