ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : সমাগত ২০২১ চনৰ অসম বিধান সভা নিৰ্বাচনলৈ ৫-৬ মাহ কাল বাকী থকা অৱস্থাত পাহাৰীয়া জিলা কাৰবি আংলঙত খৰছিং ইংতি নেতৃত্বাধীন কংগ্ৰেছে জিলাখনত আৰম্ভ কৰিছে নিৰ্বাচনী কুচ- কাৱাজ ৷
তাৰে অংশ স্বৰূপে ডিফু টাউন মণ্ডলৰ অন্তৰ্গত ৩ নং ৱাৰ্ড হৰিলালবস্তিত ৰফিক উদ্দিন বৰভূঁঞাৰ পৌৰুহিত্যত আজি কংগ্ৰেছৰ এক নিৰ্বাচনী সভাত উপস্থিত থাকে কাৰবি আংলং জিলা কংগ্ৰেছ কমিটিৰ উপসভাপতি ৰাতুল টেৰণ, সাধাৰণ সম্পাদক ডাঃ মংবে ৰংপি, লুম্বাজং মণ্ডল কংগ্ৰেছৰ সভাপতি ৰাংচিনা হাঞ্চে, ডিফু টাউন মণ্ডল কংগ্ৰেছৰ সভাপতি ৰাজেন্দ্ৰ তেৰাঙ আৰু প্ৰাক্তন ৱাৰ্ড কমিচনাৰ মফজিল আলী বৰভূঁঞা ৷
নিজৰ ভাষণ প্ৰসংগত জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ডাঃ মংবে ৰংপিয়ে কয়যে, বিজেপি চৰকাৰ খনে ৰাইজৰ উন্নয়নলৈ পিঠি দি এপদ এপদকৈ ৰাজহুৱা সম্পদ এয়াৰ পৰ্ট, ৰেল আদি পূঁজীপতিৰ হাতত বিক্ৰি কৰি দিছে, বিমুদ্ৰাকৰণৰে অৰ্থনিতীৰ মেৰুদণ্ড ভাঙি ক্ৰমান্বয়ে পূৰ্বতে কংগ্ৰেছ চৰকাৰে দৰিদ্ৰ কল্যাণৰ বাবে গ্ৰহণ কৰা আঁচনি সমূহ বন্ধ কৰি দুখীয়া ৰাইজক বিপদত পেলাইছে ৷
কাল কৰ’নাক লৈও বিজেপিয়ে ৰাজনীতি কৰি হঠাৎ লকডাউন ঘোষণা কৰাৰ ফলত দেশ- বিদেশত কৰ্মৰত যুৱক- যুৱতীৰ অথন্তৰ হোৱাৰ লগতে ভোকে- পিয়াহে বহুতে আত্মহত্যা কৰাৰ বাতৰিও পোৱা গৈছে বুলি কয় ৷ আনহাতে জিলা কংগ্ৰেছৰ উপসভাপতি ৰাতুল টেৰণে নিজৰ ভাষণত কয় যে বিজেপিৰ কমন মিনিমাম প্ৰগ্ৰাম নথকাৰ বাবে দেশৰ জিডিপি সৰ্বকালৰ বাবে হ্ৰাস পাই -23’9 হবলৈ পাইছে যি হাৰ মোগল আৰু বৃটিছৰ শাসন কালতো নাছিল বুলি কটাক্ষ কৰে ৷
বিজেপিৰ সাম্প্ৰদায়িক আৰু স্বেচ্ছাচাৰী শাসন ওফৰাবৰ বাবে জিলা কংগ্ৰেছে এইবাৰ পুৰ্ণোদ্যামে নিৰ্বাচনত অৱতৰণ কৰিব বুলি কৈছে ৷ ইয়াৰ পূৰ্বে স্থানীয় ৰাইজে কংগ্ৰেছৰ নেতা কেইগৰাকীৰ আগত দাঙি ধৰা অভাৱ- অভিযোগবোৰ গুৰুত্ব সহকাৰে শুনে আৰু নিৰ্বাচনত জয়ী হব পাৰিলে সেইবোৰ পৰ্যায়ক্ৰমে পূৰণ কৰা হব নেতৃবৰ্গই আজি প্ৰতিশ্ৰুতি দিয়ে ৷













