ASSAM TIMES POST,
বকলীয়াঘাট: যোৱা এমাহৰো অধিক জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা বকলীয়াঘাটৰ সৰবৰহী যুৱক তথা শিক্ষক অভিষেক তিৱাৰীৰ আজি পুৱা মৃত্যু হয় । জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ যুৱকজনক অতি সংকটজনক অৱস্থাত যোৱা ৮ জুলাইত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰোৱা হৈছিল৷ তেতিয়াৰে পৰা এমাহৰো অধিক জাপানী এনকেফেলাইটিছৰে যুঁজি অৱশেষত আজি নিচেই পুৱা যুৱকজনে শেষ নিশ্বাস ত্যাগ কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ এসময়ৰ সক্ৰিয় কৰ্মী অভিজিতে কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত বসন্ত উৎসৱত যোৱা ১১ বছৰে ক্ৰীড়া সম্পাদকৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি আহিছে। অত্যন্ত অমায়িক আৰু শান্ত স্বভাৱৰ যুৱকজনৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ এলেকাটোত গভীৰ শোকৰ ছাঁ পেলাইছে।













