ASSAM TIMES POST
পশ্চিম বংগঃ গো আৰু গাহৰি মাংসক লৈ কৰ্তৃপক্ষৰে মতানৈক্য হৈছে জমেট’ৰ ডেলিভাৰী এক্সিকিউটিভৰ। অনলাইন খাদ্য যোগান প্ৰতিষ্ঠানটোৰ বিতৰণকাৰীসকলে গো আৰু গাহৰিৰ মাংস বিতৰণ কৰিবলৈ অমনস্থ হোৱাৰ বিপৰীতে কৰ্তৃপক্ষৰ হেঁচাত প্ৰতিবাদ কৰিবলগীয়া হৈছে। পশ্চিম বংগত এই ঘটনা ঘটিছে।

ইয়াৰ হাওৰাত কেইবাদিনো ইয়াকে লৈ প্ৰতিবাদ অব্যাহত আছে। প্ৰতিবাদকাৰীসকলে কয় যে তেওঁলোকক কৰ্তৃপক্ষই গো আৰু গাহৰিৰ মাংস বিলাবলৈ বাধ্য কৰিছে। যিটো কৰিবলৈ ইচ্ছুক নহয় বুলি তেওঁলোকে পূৰ্বৰেপৰাই জনাই আহিছে।
কিন্তু কৰ্তৃপক্ষই, কোনো অৰ্ডাৰেই নাকচ কৰা নহয় বুলি তেওঁলোকক এনে কৰিবলৈ বাধ্য কৰাইছে বুলি প্ৰতিবাদকাৰীসকলে কয়। ইতিমধ্যে প্ৰতিবাদকাৰীসকলক প্ৰসংগটো সন্দৰ্ভত পশ্চিমবংগৰ মন্ত্ৰী ৰাজীৱ বেনাৰ্জীয়ে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিছে।














