ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : ‘শ্লিপ ডিস্ক’ত কি কৰিব, কি নকৰিব

ASSAM TIMES POST by ASSAM TIMES POST
October 13, 2020
Reading Time: 1 min read
A A
0
স্বাস্থ্য : ‘শ্লিপ ডিস্ক’ত কি কৰিব, কি নকৰিব

logo new 2 1 1 1 | ASSAM TIMES POST

RELATED POSTS

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

স্বাস্থ্য প্ৰতিবেদনঃ

মেৰুদণ্ডৰ বিষ হ’লে স্বাভাৱিক কাম-কাজ কৰা টান হৈ পৰে। মেৰুদণ্ডৰ বিষৰ বিভিন্ন কাৰণৰ ভিতৰত আছে শ্লিপ ডিস্ক, যাৰ চিকিৎসা বিজ্ঞানৰ নাম ‘ডিস্ক হার্নিয়েচন’। অতিৰিক্ত উচ্চতা আৰু অত্যন্ত শকত চেহেৰাৰ পুৰুষসকলৰ মাজত শ্লিপ ডিস্কৰ সম্ভাৱনা বেছি বুলি জনায় অর্থোপেডিক ছার্জনসকলে। শ্লিপ ডিস্কৰ আৰু এক ৰিস্ক ফেক্টৰ ওবেচিটি অর্থাৎ বৰ্ধিত ওজন। মূলতঃ মেৰুদণ্ডৰ তলৰ ফালে দুডাল হাড়ৰ মধ্যৱর্তী ডিস্ক শ্লিপ কৰি ওলাই আহি স্নায়ুত চাপ দিলেই ভয়ানক বিষৰ সূত্রপাত হয়, চিকিৎসা নকৰালে বিষৰ প্রকোপ বাঢ়িয়েই থাকে।

Webp.net compress image 30 1024x683 1 e1602549834938 | ASSAM TIMES POSTআমাৰ মেৰুদণ্ড ২৬টি সৰু সৰু হাড়ৰ টুকৰাৰে তৈয়াৰী। দুটি হাড়ৰ টুকুৰাৰ ঘর্ষণ প্রতিৰোধ কৰিবলৈ মাজত থাকে কুছনৰ দৰে ডিস্ক। নৰম জেলিৰে ভৰা এই ডিস্কে হাড় ক্ষয় যোৱা ৰোধ কৰে। সন্মুখৰ ফালে হাউলি গধুৰ বস্তু দাঙিবলৈ গ’লে, মেৰুদণ্ডৰ সংলগ্ন পেশী দুর্বল থাকিলে বা দুর্ঘটনাত আঘাত লাগি বা বেছি বয়সত হাড় ক্ষয় হৈ পেশী দুর্বল হোৱাৰ বাবে সামান্য চাপ পৰিলেই ডিস্ক স্থানচ্যুত হয়, সেয়ে এই ক্ষেত্ৰত সতর্ক থকাৰ পৰামর্শ দিয়ে চিকিৎসকে। এনে হ’লে নার্ভ ৰুটত চাপ পৰি আৰম্ভ হয় প্রবল বিষ। ইয়াৰ নামেই শ্লিপ ডিস্ক বা ডিস্ক হার্নিয়েচন। কেৱল মাত্র আমাৰ দেশতেই প্রতি বছৰে ১০ মিলিয়ন অর্থাৎ এক কোটি মানুহৰ শ্লিপ ডিস্কৰ সমস্যা হয়।

ডিস্ক পিছলি গ’লে প্রথম আৰু প্রধান উপসর্গ হ’ল বিষ। অৱশ্যে কেতিয়াবা কেতিয়াবা যৎসামান্য বিষো শ্লিপ ডিস্কৰ উপসর্গ হ’ব পাৰে। অলপ বিষ অগ্রাহ্য কৰিলে পিছত ভোগ কৰিবলগাৰ মাত্রা বাঢ়ি যায়৷

slipped disc slip disc homeopathic treatment ilaj medicine dawa in hindi tamil telugu bengali marathi e1602549941323 | ASSAM TIMES POSTযিকোনো বয়সতেই ডিস্ক প্রলাপ্স হ’ব পাৰে। অৱশ্য পুৰুষৰ ক্ষেত্ৰত এই সমস্যা বেছি দেখা যায়। সাধাৰণতে ৩০ৰ পৰা ৫৫ বছৰ বয়সীয়া মানুহৰ শ্লিপ ডিস্কৰ সম্ভাৱনা থাকিলেও পুৰুষসকলৰ মাজত এই অসুখৰ সম্ভাৱনা বেছি। বেছিভাগ ক্ষেত্রতেই ৪০ ঊৰ্ধ্বৰ ভিতৰত এই সমস্যা বেছি দেখা যায়।

আৰু যিসকলে বহি থাকি ডেস্ক ৱর্ক কৰে বা যিসকলে গধুৰ বস্তু ডাঙিবলগা হয়, তেওঁলোকৰো সম্ভাৱনা বেছি। নিয়মিত শৰীৰচর্চা কৰি পিঠি আৰু কঁকালৰ পেশী সবল কৰি ৰাখিব পাৰিলে এই সমস্যাৰ সম্ভাৱনা কমি যায়৷

সন্মুখলৈ হাউলি গধুৰ বস্তু ডঙাটো শ্লিপ ডিস্কৰ অন্যতম কাৰণ। জিমলৈ গৈ বহুতেই এই কামটো কৰে আৰু ডিস্ক হার্নিয়েচনৰ সমস্যাত ভোগে। ইয়াৰ উপৰি বেয়াকৈ পৰি লগা আঘাত, বাছ, অটো বা ৰিক্সাত হঠাৎ জোৰকৈ জোকাৰণি, অতিৰিক্ত কায়িক শ্রম, গধুৰ বস্তুৰে শৰীৰচর্চা ইত্যাদি নানা কাৰণত ডিস্ক হার্নিয়েচনৰ সম্ভাৱনা বাঢ়ে।

slip disk e1602550000545 | ASSAM TIMES POSTইয়াৰ উপৰি একেলেথাৰিয়ে বহি থাকিলে আৰু শকত-আৱত চেহেৰা অর্থাৎ বৰ্ধিত ওজনেও শ্লিপ ডিস্কৰ সম্ভাৱনা বঢ়ায়। আনহাতে, শুই-বহি অলস জীৱন কটালে মেৰুদণ্ডৰ আশপাশৰ পেশী দুর্বল হৈ গৈ কশেৰুকাৰ মাজৰ কুচন আঁতৰি আহিব পাৰে। এমআৰআই কৰি শ্লিপ ডিস্ক নিশ্চিত কৰা হয়।

বহুতৰ ধাৰণা শ্লিপ ডিস্ক হ’লেই ছার্জাৰী কৰোৱাটো বাধ্যতামূলক। এই ধাৰণা সঠিক নহয়। বেছিভাগ ক্ষেত্রতেই কনজাৰভেটিভ চিকিৎসাত শ্লিপ ডিস্কৰ পৰা আৰোগ্য লাভ কৰিব পৰা যায় (৮০%-৯০%) । কিছু কিছু ক্ষেত্রত (১০% -২০%) ছার্জাৰী কৰাবলগা হয়। ছয়ৰ পৰা আঠ সপ্তাহ কনজাৰভেটিভ চিকিৎসা কৰাৰ পিছতো ৰোগ নকমিলে ছার্জাৰীৰ কথা ভাবিবলগা হয়।

লাম্বাৰ মাইক্রোডিস্টেক্টমি ছার্জাৰীৰ সহায়ত মেৰুদণ্ডৰ এই ভয়ানক বিষ আঁতৰোৱা হয়।
মাত্র ২-৩ চেন্টিমিটাৰ ছিদ্রৰ সহায়ত অপাৰেচন কৰা হয়। ছার্জাৰীৰ ভয়ত বিষ পুহি ৰখাটোৱে বিপদ আৰু বঢ়াব। কিন্তু সমস্যা যাতে আৰু ঘূৰি নাহে তাৰ বাবে ওজন বাঢ়িব দিব নোৱাৰিব। নিয়মিত লঘু শৰীৰচর্চা কৰা উচিত। হাউলি গধুৰ ভাবস্তু ডঙাটো একেবাৰেই মানা।

Tags: Featured
Share4Tweet3Send

Related Posts

Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
ADVERTISEMENT
ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx