ASSAM TIMES POST
গুৱাহাটীঃ দেওবাৰে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে বৰাকৰ ৰজা খ্যাত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ আমোলৰ কেবিনেট মন্ত্ৰী গৌতম ৰয়, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা কংগ্ৰেছৰ চাহ জনগোষ্ঠীয় জ্যেষ্ঠ নেতা শান্তিয়াছ কুজ্জুৰ আৰু অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি হিৰণ্য ভূঞাই।
গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ সদৰ কাৰ্যালয়ত প্ৰদেশ ভাজপাৰ সভাপতি ৰঞ্জিত দাস আৰু নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তিনিওজন কংগ্ৰেছী নেতাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। অৱশ্যে যোগদানৰ দিনাই, বিজেপিত যোগদান কৰি যে একো লাভ নহয়, সেই কথা তিনিও গম পালে।
যোগদান সমাৰোহত ডঃ শৰ্মাই স্পষ্টভাৱে কয় যে কিবা পাবলৈ যদি বিজেপিলৈ আহিছে তেতিয়াহ’লে ভুল ভবা হ’ব। ইফালে ৰঞ্জিত দাসে গৌতম ৰয়ক উদ্দেশ্যি কৈয়েই পেলালে যে কংগ্ৰেছত থাকোতে বৰাকৰ ৰজা আছিল যদিও এতিয়া সাধাৰণ কাৰ্যকৰ্তা হৈ কাম কৰিব লাগিব। ৰয়েও ৰজাৰ আভৰণ খুলি অনুগত শিষ্যৰ দৰে কয় যে তেওঁ বৰাকৰ ৰজা বুলি কেতিয়াও কোৱা নাই।













