নিউজ ডেক্স:
নগা চূড়ান্ত চুক্তি তথা NSCN-IM আৰু সাতটা বিদ্ৰোহী সংগঠনৰ উমৈহতীয়া মঞ্চ NNPGs ৰ মাজৰ বৈষম্যক দূৰ কৰাৰ স্বাৰ্থত এক বিশেষ পন্থা হাতত লৈছে NEDA ৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ডৰ মূখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’য়ে।
নগা সশস্ত্ৰ সংগঠন NSCN-IMক চুক্তিৰ বাবে সৈমান কৰোৱা লগতে অখণ্ড ভাৰত অটুট ৰখোৱাৰ ব্লুপ্ৰিন্ট কাৰ্যকৰী কৰিবৰ বাবে কেন্দ্ৰ গৃহমন্ত্ৰী অমিত শ্বাহে বিশেষ দায়িত্ব অৰ্পণ কৰিছিল হিমন্ত বিশ্বক। ইয়াৰ উপৰিও নাগালেণ্ডৰ মূখ্যমন্ত্ৰী নেফিঅ’ৰ সৈতেও হিমন্ত বিশ্বক কাম কৰা নিৰ্দ্দেশ দিছিল অমিত শ্বাহে।
এই পৰিপ্ৰেক্ষিততে, নেফিঅ’ ৰিঅ’ই ১৫ অক্টোবৰত আহ্বান কৰিছে সৰ্বদলীয় বৈঠক৷ কহিমাৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত হ’ব এই বৈঠকৰ৷ মুখ্যমন্ত্ৰী ৰিঅ’ৰ আহ্বানক্ৰমে অনুষ্ঠিত হ’বলগীয়া বৈঠকত নগা সমাজৰ সকলো সংগঠনক আমন্ত্ৰণ জনোৱা হৈছে৷
নগালেণ্ড গাঁওবুঢ়া ফেডাৰেচন, নগা মাদাৰ্ছ এছ’চিয়েচন, নগা ষ্টুডেণ্ট ফেডাৰেচন, ENPO আদি সকলো সংগঠন প্ৰস্তাৱিত বৈঠকত উপস্থিত থাকিব৷ মুখ্যত NSCN-IM আৰু NNPGsক একেখন চুক্তিত স্বাক্ষৰ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা আৰু নেফিঅ’ ৰিঅ’ই প্ৰচেষ্টা চলোৱাৰ বাবেই পোন্ধৰ অক্টোবৰৰ বৈঠকখন আয়োজন কৰা হৈছে৷ কিন্তু এইপৰ্যন্ত NSCN-IM–এ পৃথক পতাকা আৰু পৃথক সংবিধান অবিহনে ভাৰত চৰকাৰৰ সৈতে চুক্তি কৰিবলৈ সৈমান হোৱা নাই৷