ASSAM TIMES POST
গুৱাহাটীঃ সমগ্ৰ ৰাজ্যজুৰি সোমবাৰে উদযাপন হ’ব ইছলাম ধৰ্মাৱলম্বীসকলৰ পৱিত্ৰ উৎসৱ ঈদ-উল-আজহা। পয়গম্বৰ ইব্ৰাহিমৰ ত্যাগক সুঁৱৰি সৰ্বশক্তিমান আল্লাৰ ওচৰত সকলোৰে হৈ প্ৰাৰ্থনা জনাব ৰাজ্যৰ মুছলিম জনসাধাৰণে। পৰম্পৰা অনুসৰি, সোমবাৰে পুৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ঈদগাহ আৰু মছজিদ-দৰগাহত সমূহীয়া নামাজ আৰম্ভ হ’ব। ইয়াৰ পাছতে সকলোৱে দুখীয়া ৰাইজক দান-দক্ষিণা আগবঢ়াব। ৰাজ্যৰ আন প্ৰান্তৰ দৰে গুৱাহাটী মহানগৰৰ বুঢ়া জামে মছজিদ, মাছখোৱা, জালুকবাৰী, হাতীগাঁও, সিজুবাৰী, হেদায়েৎপুৰ আদিত সমূহীয়া নামাজৰ আয়োজন কৰা হৈছে।
এই ঈদৰ তাৎপৰ্য অনুসৰি, ত্যাগৰ প্ৰতীক হ’ল ঈদ-উল-আজহা। সৰ্বশক্তিমান আল্লাৰ নিৰ্দেশ মতে প্ৰফেট (মহাপুৰুষ) ইব্ৰাহিমে নিজৰ অন্যতম প্ৰিয় সম্পদ নিজ পুত্ৰক কোৰবাণি দিবলৈ নিছিল। ইব্ৰাহিমৰ এনে ত্যাগত সন্তুষ্ট হৈ আল্লাই ইব্ৰাহিমক নিজৰ পুত্ৰৰ সলনি ‘ডুম্বা’ নামৰ এবিধ জীৱ তেওঁৰ চৰণত অৰ্পণ কৰিবলৈ দিছিল। সেই তেতিয়াৰপৰাই এই পৰম্পৰাক সাৰোগত কৰি সমগ্ৰ বিশ্বজুৰি চলি আহিছে ঈদ-উল-আজহা পালনৰ প্ৰথা।
উল্লেখ্য সোমবাৰে অসমতো ঈদ-উল-আজহা পালন কৰা হ’ব বুলি ইতিমধ্যে অসম ৰাজ্যিক হিলাল কমিটিয়ে জানিবলৈ গৈছে। পৱিত্ৰ ঈদৰ শুভ লগনত অসমবাসীক শুভেচ্ছা জনাইছে ‘আছাম টাইমছ্ প’ষ্ট’এ।













