মেগাষ্টাৰ মিঠুন চক্রৱর্তীৰ পুত্ৰ মহাক্ষয় (মিমো) চক্রৱর্তী আৰু পত্নী যোগিতা ৱালিৰ বিৰুদ্ধে ধর্ষণ আৰু শাৰীৰিক নির্যাতনৰ অভিযোগ আনি এফআইআৰ দাখিল কৰিলে এগৰাকী তৰুণী মডেলে। সংবাদ সংস্থা এএনআইত এই কথা প্ৰকাশ। শনিবাৰে বিয়লি পর্যন্ত এই বিষয়ত মিঠুন বা তেওঁৰ পত্নীৰ তৰফৰ পৰা কোনো প্রতিক্রিয়া লাভ কৰা হোৱা নাই।
আৰক্ষী সূত্র মতে, যোৱা ১৫ অক্টোবৰ, বৃহস্পতিবাৰে মিমো আৰু যোগিতাৰ বিৰুদ্ধে মুম্বাইৰ ওচিয়াৰা থানাত এই অভিযোগ দাখিল কৰা হয়। অভিযোগকাৰীয়ে নিজৰ ভাষ্যত জনায়, ২০১৫ চনৰ পৰা তেওঁ মিমোৰ সৈতে সম্পর্কত আছিল। এবাৰ মিমোই তেওঁৰ ছফ্ট ড্রিঙ্কত মাদক দ্ৰব্য মিহলাই দিছিল আৰু তাৰ পিছত অনুমতি অবিহনেই তেওঁৰ সৈতে শাৰীৰিক সম্পর্ক স্থাপন কৰিবলৈ বাধ্য কৰাইছিল। অভিযোগকাৰীয়ে মহাক্ষয়ে বিয়াৰ প্রতিশ্রুতি দিছিল বুলিও দাবী কৰে।
তেওঁ লগতে দাবী কৰে, প্রথমতে তেওঁ মুম্বাইত এফআইআৰ দাখিল কৰাৰ চেষ্টা কৰিলেও আৰক্ষীয়ে বিষয়টিক গুৰুত্ব নিদিয়ে। ইয়াৰ পিছত তেওঁ দিল্লীলৈ গৈ তাত আদালতৰ দ্বাৰস্থ হয়। প্রাথমিক তথ্য-প্রমাণৰ ভিত্তিত আদালতে এফআইআৰ দাখিলৰ নির্দেশ দিয়ে। তাৰ পিছতেই মুম্বাইৰ ওচিয়াৰা থানাত মিঠুনৰ পুত্র আৰু পত্নীৰ বিৰুদ্ধেও এফআইআৰ দাখিল কৰা হয়।