ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সংস্কৃতি নগৰী বোকাখাতত কৈলাখাত নাট্যমন্দিৰৰ উদ্যোগত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি, দুখনকৈ সফল শিশু নাট

ASSAM TIMES POST by ASSAM TIMES POST
August 12, 2019
Reading Time: 1 min read
A A
0
সংস্কৃতি নগৰী বোকাখাতত কৈলাখাত নাট্যমন্দিৰৰ উদ্যোগত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি, দুখনকৈ সফল শিশু নাট

 ASSAM TIMES POST

RELATED POSTS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

অজন্তা তালুকদাৰ, বোকাখাতঃ
শিশুৱে অভিনয় কৰাৰ প্ৰয়োজন নাই, স্বচ্ছ হৃদয়ৰ শিশুৱে অনুভূতিৰ স্বতঃস্ফূৰ্ত প্ৰকাশ ঘটায় নাটকত। যোৱা ১১ আগষ্টত ইয়াৰে প্ৰতিফলন ঘটিল বোকাখাতত। সংস্কৃতি নগৰী বোকাখাতৰ বায়ু পানীৰ সৈতে অতীজৰেপৰা সংপৃক্ত হৈ আছে নাটক। বোকাখাতৰ নাট্য আন্দোলনত জ্যেষ্ঠ সকলৰ সমান্তৰালকৈ নিজৰ স্থিতি প্ৰতিপন্ন কৰিছে শিশুৱেও, চহকী কৰিছে অসমীয়া নাটকৰ ভড়াল।

f854799a 69e5 4aba 9fcd a07225f2651a | ASSAM TIMES POST

যোৱা ১১ আগষ্টত বোকাখাতৰ কৈলাখাত নাট্যমন্দিৰৰ উদ্যোগত মাহজোৰা গ্ৰীষ্মকালীন প্ৰযোজনা ভিত্তিক শিশু নাট কৰ্মশালাৰ অন্তত বোকাখাতৰ নৱ প্ৰজন্মৰ অভিনেতা পৰিচালক তৰুণ তীৰ্থ শইকীয়াৰ পৰিচালনাত কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী শিশুসকলৰ দ্বাৰা পৰিৱেশিত দুখনকৈ শিশুনাট ক্ৰমে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ আধাৰত অমৰ শৰ্মাৰ নাট্যৰূপ ‘চিলনীৰ জীয়েকৰ সাধু’ আৰু মানিক সোনোৱালৰ ‘বগলী বগা ফোট দি যা’ৰ প্ৰেক্ষাগৃহভৰ্তি দৰ্শকৰ উপস্থিতিত সফল মঞ্চায়ন হৈ যায়।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা চলিত বৰ্ষত সুখ্যাতিৰে পৰিৱেশ্য কলা বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা তৰুণ তীৰ্থ শইকীয়া শৈশৱৰে পৰা অসমৰ বিভিন্ন মঞ্চত শক্তিশালী অভিনয় প্ৰদৰ্শন কৰা এগৰাকী সুদক্ষ অভিনেতাও। বিগত গ্ৰীষ্মকালীন বন্ধৰ মাহটোত ৭০ গৰাকী শিশু চেমনীয়া প্ৰশিক্ষাৰ্থীক তৰুণ তীৰ্থ শইকীয়াৰ ওপৰিও ক্ৰমে বিশিষ্ট অভিনেতা পৰিচালক নিৰজমনি বৰা, অসমৰ বিভিন্ন মঞ্চত অভিনয় কৰি একাধিকবাৰ শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ লাভ কৰা বিশিষ্ট নাট্যকৰ্মী ৰিতুপন চৌধুৰী আৰু চিক্কিম এন এচ ডিয়ান অবিনাশ শৰ্মাই নাটকৰ প্ৰশিক্ষণ প্ৰদান কৰে।

b0ba6e15 ba43 49d7 a285 a24d42a54c91 | ASSAM TIMES POST

প্ৰকৃতিৰ নিৰীহ জীৱক মানুহে স্বাৰ্থপৰতা আৰু ক্ৰূৰতা এৰি মমতা আৰু মানৱীয়তাৰে ৰক্ষা কৰাৰ বাবে শিশুৰ অন্তৰত প্ৰকৃতিৰ নিৰীহ জীৱৰ প্ৰতি প্ৰেম জগাই তোলা নাট্য সন্ধ্যাটিৰ প্ৰথমখন নাট ‘বগলী বগা ফোট দি যা’ এখনি নৃত্য গীতেৰে মনোৰঞ্জক আৰু বাৰ্তাবাহক নাট। দ্বিতীয়খন নাট ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টি ‘চিলনীৰ জীয়েকৰ সাধু’ৰ আধাৰত নাট্যকাৰ অমৰ শৰ্মাৰ একে নাম বিশিষ্ট নাট্যৰূপ।

এই নাটখনিৰ পৰিবেশনৰ জড়িয়তে বৰ্তমান ডিজিটেল প্ৰজন্মৰ শিশুক সাধুকথাৰ কোমল মানৱীয় জগতখনলৈ টানি নিয়াৰ প্ৰয়াসৰ লগতে অসমীয়া শিশু সাহিত্যৰ সৈতে এই সকল শিশুক পৰিচয় কৰি দিয়াৰ এক ফলপ্ৰসু প্ৰচেষ্টা হাতত লোৱা হৈছে। দুয়োখন নাটেই পাঁচবছৰীয়া শিশুৰ পৰা তেৰ বছৰীয়া চেমনীয়া পৰ্যন্ত ছাত্ৰ-ছাত্ৰীৰ নাট্য প্ৰতিভাৰ চমকপ্ৰদ প্ৰতিফলন ঘটাবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত পৰিচালক সফলতাৰ দাবীদাৰ। দুয়োখন শিশু নাটককে আৱহ সংগীতৰ সুন্দৰ প্ৰয়োগ আৰু যথাযোগ্য পোহৰৰ ব্যৱহাৰেৰে যথাৰ্থতা প্ৰদান কৰিলে ক্ৰমে বিশিষ্ট নাট্যকৰ্মী প্ৰণৱ শইকীয়া আৰু ৰাতুল বৰাই।

বিশিষ্ট সাংবাদিক প্ৰদ্যুত মহন্তই আঁত ধৰা নাট্য সন্ধ্যাৰ বন্তি প্ৰজ্বলন কৰে বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপিকা তথা বিশিষ্ট লেখক ড° ৰুবী বৰাই আৰু নাট্য সন্ধ্যাটিৰ মঞ্চ মুকলি কৰি বিশিষ্ট নাট্যকৰ্মী তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সুপুত্ৰ পৃত্থিৰাজ ৰাভাই নাটকৰ সম্পৰ্কত সাৰুৱা বক্তব্য আগবঢ়োৱাৰ লগতে ৰাভাই পূৰ্বতে ৰূপায়ণ কৰা ঔৰংজেৱ চৰিত্ৰৰ কিছু সংলাপ পৰিৱেশন কৰি প্ৰচণ্ড গৰমে হেঁচি ৰখা নাট্য সন্ধ্যাটি জীপাল আৰু উজ্জীৱিত কৰি তোলে।

0955b8b1 fae2 4a7c b967 5c3b7554ae13 | ASSAM TIMES POST

অনুষ্ঠানৰ আৰম্ভণিতে ড° ৰুবী বৰা, পৃত্থিৰাজ ৰাভা, চিলনীৰ জীয়েকৰ সাধুৰ নাট্যৰূপ দিয়া নাট্যকাৰ অমৰ শৰ্মা, বিশিষ্ট সমাজকৰ্মী তথা কবি লেখক মিনতি দলে, অসম জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সভাপতি প্ৰহ্লাদ মিলি, বিশিষ্ট সাংবাদিক তথা নাট্যকৰ্মী প্ৰদীপ বৰা, গ্ৰাচ বোকাখাতৰ সভাপতি অংকুৰ বৰঠাকুৰ, বিশিষ্ট সাংস্কৃতিক কৰ্মী বীৰেণ দাস, বিশিষ্ট নাট্যকৰ্মী অৰুণ গগৈ আৰু কবি, নাট সমালোচক, সাংবাদিক অজন্তা তালুকদাৰ আদিক উদ্যোক্তাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় আৰু পিছত সম্বৰ্ধিত ব্যক্তি সকলে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়।

নাটৰ শেষত বিশিষ্ট নাট পৰিচালক জ্যোতিপ্ৰসাদ ভূঞা, বিশিষ্ট অভিনেতা পৰিচালক ৰাতুল ফুকন, পৰিৱেশিত দুয়োখন নাটৰে পৰিচালক তৰুণ তীৰ্থ শইকীয়া, সংগীত আৰু দায়িত্বত থকা প্ৰণৱ শইকীয়া আৰু ৰাতুল বৰাৰ লগতে কৰ্মশালাৰ প্ৰশিক্ষক সকল ক্ৰমে নিৰজমনি বৰা, ৰিতুপন চৌধুৰী আৰু অবিনাশ শৰ্মাক একোখনিকৈ গামোচা আৰু সম্বৰ্দ্ধনা পত্ৰ প্ৰদান কৰা হয়। কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলক কৈলাখাত নাট্য মন্দিৰৰ তৰফৰ পৰা একোখনিকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

বিগত মাহজোৰা কৰ্মশালাৰ সময়চোৱাকে ধৰি সামৰণি অনুষ্ঠানলৈকে বিভিন্ন সময়ত একান্তভাৱে সহায়ৰ হাত আগবঢ়ালে অভিভাৱক সকল, স্থানীয় ৰাইজ, বিশেষকৈ প্ৰবীণ নাট্যকৰ্মী মনো বৰাৰ লগতে অমল বৰা, অজিত ৰাজখোৱা, প্ৰশান্ত বৰা, দ্বিজন বৰুৱা, মহেন্দ্ৰ বৰা, অমিয়া বৰা, অভিলাষ বৰবৰা আদিয়ে। শিশুৰ বিকাশৰ বাবে অপৰিহাৰ্য্য এনে কৰ্মশালা আৰু নাট্যানুষ্ঠান সফল আৰু নিয়াৰিকৈ সম্পন্ন কৰি তোলাৰ বাবে স্থানীয় ৰাইজে মাজত কৈলাখাত নাট্য মন্দিৰ সমিতিলৈ প্ৰশংসা আৰু ধন্যবাদ জ্ঞাপন কৰিছে।

Share47Tweet3Send

Related Posts

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
ADVERTISEMENT
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx