ASSAM TIMES POST
গুৱাহাটীঃ অসম ইলেক্ট্ৰনিক মিডিয়া স্প’ৰ্টছ জাৰ্নেলিষ্ট এছ’চিয়েচনে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ ৰাধা গোৱিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত গত ৯ আগষ্টৰপৰা আয়োজন কৰা ৩য় গিলবাৰ্টছন চাংমা আৰু দেৱাশিষ ৰয় ফুটছাল ফাইভ এ ছাইড প্ৰতিযোগিতাৰ দেওবাৰে সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াত চূড়ান্ত খেলৰ পূৰ্বে প্ৰদৰ্শনীমূলক খেল অনুষ্ঠিত হয় য’ত ভাগ লয় চেলিব্ৰেটী একাদশ আৰু বিধায়ক একাদশে।

ইয়াত ২-১ গ’লৰ ব্যৱধানত বিধায়ক একাদশে জয়লাভ কৰে। ইয়াৰ পাছত অনুষ্ঠিত চূড়ান্ত প্ৰতিযোগিতাত ভাগ লয় নিউজ ১৮ আৰু আছাম টকছে। বিজয়ী আছাম টকছক চেম্পিয়ন ট্ৰফী প্ৰদান কৰে সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা সাংসদ কুইন ওজাই। ইফালে বিজিত দল নিউজ ১৮ক ট্ৰফী প্ৰদান কৰে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণৰ ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰে।

প্ৰদৰ্শনীমূলক খেলখনত অৱতীৰ্ণ হোৱাসকলৰ ভিতৰত আছে বিধায়ক ভূৱন পেগু, বিধায়ক ডাঃ নোমল মমিন, বিধায়ক শিলাদিত্য দেব, বিধায়ক ৰূপক শৰ্মা, বিধায়ক চৰণ বড়ো, বিধায়ক গিলবাৰ্টছন চাংমা, দেৱাশিষ ৰয়, বিশিষ্ঠ সংগীত শিল্পী মানস ৰবীন, জনপ্ৰিয় গায়ক সীমান্ত শেখৰ, অসম ইলেক্ট্ৰনিক মিডিয়া স্প’ৰ্টছ জাৰ্নেলিষ্ট এছ’চিয়েচনৰ উপদেষ্টা আৰু জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, এছ’চিয়েচনৰ সভাপতি জয়ন্ত দাস, অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন সাহা, এছ’চিয়েচনৰ উপ-সভাপতি কিশোৰ তালুকদাৰ, এছ’চিয়েচনৰ সম্পাদক বিপুল বৰ্মন, এছ’চিয়েচনৰ কোষাধ্যক্ষ ৰঞ্জিতা ৰাভা আৰু সহকাৰী সম্পাদক ৰাজীৱ বৰা













