নিউজ ডেক্স:
‘ছুপাৰ ছানডে’, ‘ছুপাৰ অভাৰ’, ‘ছুপাৰ আম্পায়াৰ’! দেওবাৰে আইপিএলত দৃষ্টি কাঢ়িলে আম্পায়াৰেও
দেওবাৰে কলকাতা আৰু হায়দৰাবাদৰ মাজৰ আইপিএল মেচত দৃষ্টি কাঢ়িলে ‘ৰকষ্টাৰ’ আম্পায়াৰ পশ্চিম পাঠকে। আবুধাবিৰ বাইছ গজত মৰ্গান-ৱার্নাৰৰ দৰে তাৰকাসকল থাকিলেও ছচিয়েল মিডিয়াৰ চর্চাৰ কেন্দ্রত ‘ষ্টাইলভাই’ পশ্চিম।
দেওবাৰে আবুধাবিত আছিল ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ মেচ। কিন্তু দুয়ো দলৰ ক্রিকেট তাৰকাসকলৰ উপৰি আম্পায়াৰ সুন্দৰম ৰবিক সঙ্গী হিচাপে লৈ পশ্চিম ষ্টেডিয়ামত নামোতেই তেওঁৰ ওপৰত চকু থৰ হৈ ৰয় বহুতৰে। কান্ধত পৰা কেকোঁৰা চুলি, চকুত ছান গ্লাছ। পশ্চিম পাঠকৰ এই ষ্টাইলে স্বাভাৱিকতে ক্রিকেটপ্রেমীৰ জগতত আলোড়ন সৃষ্টি কৰে।
আইপিএলতো বাদেই, দেশীয় বা আন্তর্জাতিক স্তৰতো পশ্চিম পাঠকৰ দৰে হেয়াৰ ষ্টাইল বোধহয় আগতে দেখা যোৱা নাই। নেটিজেনসকলৰ বহুতেইই ক’বলৈ আৰম্ভ কৰে, ‘ৰকষ্টাৰ’ আম্পায়াৰ!
কিন্তু কোন এই পশ্চিম পাঠক? চলিত আইপিএলত তেওঁৰ প্রথম মেচ হ’লেও এক দশকৰো অধিক সময় ধৰি আম্পায়াৰিং কৰিছে পশ্চিম পাঠকে। ঘৰুৱা ক্রিকেটত তেওঁক দেখা গৈছে বিগত ২০০৯ চনৰ পৰা।
আনকি দেশৰ মাটিত ২খন টেষ্ট আৰু ৩খন এদিনীয়া মেচতো ৰিজার্ভ আম্পায়াৰ আছিল পশ্চিম। কেৱল মাত্র দেশীয় স্তৰতেই নহয়, আন্তর্জাতিক মেচতো আম্পায়াৰিং কৰা দেখা গৈছে পশ্চিমক। ২০১২ত মহিলাৰ ২খন আন্তর্জাতিক মেচত ষ্টেডিয়ামত নামিছিল তেওঁ। ২০১৪ আৰু ২০১৫ৰ আইপিএল মিলাই মুঠ ৪খন মেচত অন-ফিল্ড আম্পায়াৰিং কৰিছে পশ্চিম পাঠকে।
ইয়াৰ আগতেও লাইমলাইটলৈ আহিছিল পশ্চিম। প্রথম ভাৰতীয় আম্পায়াৰ হিচাবে মূৰত হেলমেট পিন্ধি। সেয়া আছিল ২০১৫ চনৰ কথা। বিজয় হাজাৰে টুর্নামেণ্টত এখন মেচত হেলমেট পিন্ধি তেওঁ ষ্টেডিয়ামত নামিছিল। দেওবাৰে আবুধাবিত অৱশ্যে বহুতে তেওঁক মহিলা আম্পায়াৰ বুলিও ভুল কৰে!