নিউজ ডেক্স:
আজি ষ্টেডিয়ামত নামিলেই আইপিএলত ইতিহাস ৰচনা কৰিব মহেন্দ্র সিং ধোনিয়ে। ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে আইপিএল ২০২০ৰ অতি গুৰুত্বপূর্ণ মেচত ষ্টেডিয়ামত নামি কি মাইলৰ খুঁটি স্থাপন কৰিব মাহিয়ে, চাওঁ আহক এবাৰ।
আইপিএল এই পর্যন্ত ১৯৯খন মেচ খেলিছে এমএছ ধোনিয়ে। আজি ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ষ্টেডিয়ামত নামিলে ইতিহাস ৰচনা কৰিব চিএছকেৰ অধিনায়কজনে। টুর্নামেণ্টখনত ২০০ সংখ্যক মেচ খেলিব মাহিয়ে। এই ৰেকৰ্ড অন্য কোনো ক্রিকেটাৰৰে নাই।
আনহাতে, আইপিএল সর্বাধিক মেচ খেলা ক্রিকেটাৰসকলৰ তালিকাৰ দ্বিতীয় স্থানত আছে ৰোহিত শর্মা। দেওবাৰে কিংছ ইলেভেন পঞ্জাবৰ বিৰুদ্ধে খেলপথাৰত নামি টুর্নামেণ্টত ১৯৭ সংখ্যক মেচ খেলে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কজনে। তালিকাৰ তৃতীয় স্থানত থকা সুৰেশ ৰাইনাই আইপিএলত ১৯৩খন মেচ খেলিছে।
উল্লেখ্য যে আইপিএলত সর্বাধিক মেচ খেলা ক্রিকেটাৰসকলৰ তালিকাৰ পঞ্চম স্থানত আছে ৰয়েল চেলেঞ্জাৰ্ছ বাঙ্গালুৰু তথা টিম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি। টুৰ্ণামেণ্টখনত ১৮৬খন মেচ খেলিছে কোহলিয়ে। ১৯১খন মেচ খেলি দীনেশ কার্তিক তালিকাৰ চতুর্থ স্থানত আছে।
ধোনিৰ আইপিএল কেৰিয়াৰ
আইপিএলত এই পর্যন্ত ১৯৯খন মেচ খেলি ৪,৫৬৮ ৰান সংগ্ৰহ কৰিছে এমএছ ধোনিয়ে। টুর্নামেণ্টখনত তেওঁৰ সর্বোচ্চ স্ক’ৰ অপৰাজিত ৮৪। আইপিএলত ৩০৬টা