ASSAM TIMES POST
নতুন দিল্লীঃ গত ৬ আগষ্টত কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰপৰা সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ লগে লগে ইয়াত বিনিয়োগ কৰিবলৈ সাজু হ’ল দেশৰ বিশিষ্ট উদ্যোগপতি আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানি। সোমবাৰে এই কথা সদৰী কৰি তেওঁ কয় যে নতুনকৈ ঘোষিত কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখত বিভিন্ন বিনিয়োগৰ কথা শীঘ্ৰেই ঘোষণা কৰা হ’ব। বিনিয়োগৰ সমূহ দিশ চালি-জাৰি চাবলৈ এটা বিশেষ গোট গঠন কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।













