ASSAM TIMES POST
নতুন দিল্লীঃ পৱিত্ৰ ঈদ-উজ্-জোহা উপলক্ষে সোমবাৰে আট্টাৰী-ৱাঘা সীমান্তত বিএছএফে পাকিস্তানী ৰেঞ্জাৰৰ সৈতে মিঠাই বিতৰণৰপৰা বিৰত থাকে। দেওবাৰেই পাকিস্তানৰ শীৰ্ষ সূত্ৰই তেওঁলোকৰ ৰেঞ্জাৰসকলক ঈদ উপলক্ষে মিঠাই আৰু শুভেচ্ছাৰ আদান-প্ৰদান নকৰিবলৈ সকীয়াই দিছিল।
ইয়াৰ বাবেই চিৰদিনীয়া এটি পৰম্পৰাৰপৰা বিৰত থাকিবলগীয়া হয় দুয়ো দেশৰ সেনা বাহিনী। উল্লেখযোগ্য যে ঈদকে প্ৰমুখ্য কৰি দীপান্বিতা তথা স্বাধীনতা দিৱসত ইয়াত দুয়োখন দেশৰ সেনাই মিঠাই বিতৰণৰে স্ফূৰ্তি কৰি আহিছে।
কিন্তু শেহতীয়াভাৱে জম্মু-কাশ্মীৰত বৰ্তি থকা সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ পৰিপ্ৰেক্ষিততে ঈদৰ দিনা এই পৰম্পৰাত যতি পৰিল বুলি ভাবিবলৈ বাধ্য হৈছে সচেতন লোক।













