স্বাস্থ্য প্ৰতিবেদন:
আজিকালি মানুহে সোৱাদতকৈও বেছি পুষ্টিক গুৰুত্ব দিয়ে। হোৱাইট আৰু ব্রাউন ব্রেড দুয়োটাই সমানভাৱে ব্যৱহৃত হৈ আহিছে যদিও বহুতৰ মনত এই প্রশ্ন উঠে, কোনবিধ ব্রেড স্বাস্থ্যৰ বাবে সকলোতকৈ বেছি উপকাৰী। পুৱাৰ জলপানত কোনবিধ বেছি উপকাৰী জানি লওঁ আহক৷
হোৱাইট ব্রেড বা বগা পাউৰুটি প্ৰস্তুতৰ সময়ত ময়দাৰ সৈতে পটাছিয়াম ব্র’মেট, বেনজল পেৰক্সাইড আৰু ক্লোৰিন ডাই অক্সাইড গেছৰ দৰে যৌগবোৰ ব্যৱহাৰ কৰা হয়। আৰু এই ব্যৱহৃত যৌগবোৰৰ বহি অংশই স্বাস্থ্য সমস্যাৰ কাৰণ হ’ব পাৰে। অন্যদিশে, ব্রাউন ব্রেড তৈয়াৰ কৰাৰ সময়ত আটাৰ সৈতে এই ধৰণৰ কোনো যৌগ ব্যৱহাৰ কৰা নহয়, ফলত আটাৰ পুষ্টিগুণ বৰ্তি থাকে।
হোৱাইট ব্রেড আৰু ব্রাউন ব্রেডৰ পুষ্টিকৰ উপাদান :
হোৱাইট ব্রেডত অতিৰিক্ত পৰিমাণে চেনি থাকে আৰু এই কাৰণে ইয়াত ব্রাউন ব্রেডতকৈ বহু বেছি কেলৰিও থাকে। আপুনি যদি আপোনাৰ ডায়েটত হোৱাইট ব্রেড ৰাখে তেন্তে নিশ্চিতভাৱে আপুনি দিনত দুটাতকৈ বেছি শ্লাইচ খোৱা উচিত নহয়।
নিম্ন গ্লাইচেমিক ইনডেক্সযুক্ত ডায়েটবোৰ স্বাস্থ্যকৰ৷ কাৰণ সেইবোৰে কোনো ধৰণে ৰক্তত শর্কৰাৰ মাত্রা নবঢ়ায়। ব্রাউন ব্রেডত হোৱাইট ব্রেডৰ তুলনাত কম গ্লাইচেমিক সূচক আছে, যাৰ অর্থ ই আপোনাৰ ৰক্তত শর্কৰাৰ মাত্রাক প্রভাৱিত নকৰে। ইয়াৰ ফলত ডায়েবেটিছ, মেদবহুলতা আৰু অন্যান্য হৃদৰোগৰ সম্ভাৱনা কম থাকে।
গমৰ পৰা ব্রাউন ব্রেড তৈয়াৰ হয় কাৰণে পুষ্টিবিদসকলে হোৱাইট ব্রেডতকৈ ব্রাউন ব্রেডক বেছি পুষ্টিকৰ আৰু স্বাস্থ্যকৰ হিচাবে ভাবে। কাৰণ ব্রাউন ব্রেডত প্রচুৰ পৰিমাণে ফাইবাৰ আছে। ইয়াৰ উপৰি ব্রাউন ব্রেডত ভিটামিন বি-৬, ভিটামিন ই, মেগনেছিয়াম, ফলিক এচিড, জিঙ্ক, তাম আৰু মেঙ্গানিজ ইত্যাদি আছে।
অন্যহাতে, হোৱাইট ব্রেডত ফাইবাৰ কম থাকে, অৱশ্যে ব্রাউন ব্রেডতকৈ বেছি কেলচিয়াম থাকে। হোৱাইট ব্রেডে পাকস্থলীত উপকাৰী বেক্টেৰিয়া জন্মাত সহায় কৰে। আৰু সুস্থ থাকিবলৈ এই উপকাৰী বেক্টেৰিয়া পাকস্থলীত থকাটো খুবেই জৰুৰী। সেয়ে বেছিভাগ পুষ্টিবিদৰ মতে, সৰুসকলৰ বাবে হোৱাইট ব্রেড আৰু ডাঙৰসকলৰ বাবে ব্রাউন ব্রেড স্বাস্থ্যৰ বাবে উপকাৰী।