ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ মানুহৰ স্বাৰ্থপৰতাই বনৰ জীৱ জন্তুৰ পৰা মানৱ সমাজৰ দূৰত্ব আনি দিছে, সৃষ্টি হৈছে প্ৰাকৃতিক ভাৰসাম্যহীনতাৰ। কিন্তু সুখৰ কথা যে চৰকাৰ আৰু বেচৰকাৰী খণ্ডৰ এচাম মানুহৰ যৌথ সহযোগিতাৰে লোৱা ঐকান্তিক প্ৰচেষ্টাত পুনৰ গাঢ় হৈ উঠিছে মানুহ প্ৰকৃতিৰ সু-সম্পৰ্ক। তেনে প্ৰচেষ্টা সম্প্ৰতি অব্যাহত আছে কাজিৰঙাতো। মানুহে জীৱ জন্তুৰ প্ৰতি দায়বদ্ধতা অটুট ৰাখিবলৈ বাবে নিৰ্দিষ্ট দিন উদযাপন কৰিবলৈ লৈছে।
বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰতো যোৱা ১২আগষ্টত বিশ্ব হস্তী দিৱস উদযাপন কৰা হয় ৷ এই উদ্দেশ্যে বিভিন্ন বিদ্যালয়ৰ পৰা অহা কন কন ছাত্ৰ ছাত্ৰীয়ে ৰং আৰু তুলিকাৰে চিত্ৰায়িত কৰে হাতীৰ বিভিন্ন ৰূপ আৰু ব্যৱহাৰ ৷ ৰং তুলিকাৰ এই অনুষ্ঠানত বোকাখাত আৰু কাজিৰঙাৰ বহু বিদ্যালয়ৰ উপৰিও বোকাখাতৰ আয়ুস্কৰ চিত্ৰকলা বিদ্যালয় আৰু ৰজাবাৰীৰ ইনষ্টিটিউত অৱ আৰ্ট এণ্ড কালচাৰৰ শিক্ষাৰ্থীয়েও অংশ গ্ৰহণ কৰে।
Video Source : WTI-IFAW
অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পেৰিয়াৰস্বামী শিৱকুমাৰ , ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়া, অসম ৰাজ্যিক পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱক্তা ডা৹ কুশল শৰ্মা, অসম বাঁহ অভিযান প্ৰকল্পৰ উপ সঞ্চালক ডিম্পী বৰা, কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, সত্যপ্ৰিয়া শিৱ কুমাৰ উপৰিও স্থানীয় গাওঁবুঢ়া আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰীয়েও অংশ গ্ৰহন কৰে ৷
সঞ্চালক পেৰিয়াৰ স্বামী শিৱকুমাৰে হাতত ৰং লৈ হাতীৰ চিত্ৰত ৰং সানি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷ আদৰণী ভাষণ দিয়ে ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উপ সঞ্চালক ড৹ ৰথীন বৰ্মনে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া আৰু এলিফেন্ট ফেমেলিৰ যৌথ উদ্যোগত পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰৰ নিৱ নিৰ্মিত মাৰ্ক চান্দ হস্তী শিক্ষন কেন্দ্ৰত আয়োজিত এই আকৰ্ষণীয় অনুষ্ঠানত ছাত্ৰ ছাত্ৰীয়ে হাতত ৰং সানি হাতৰ চাপেৰে হাতী অঁকাৰ উপৰিও ৰং তুলিকাৰে কেন্দ্ৰৰ দুখন প্ৰাচীৰত হাতীৰ বিভিন্ন চিত্ৰও অংকন কৰে ৷ এই অনুষ্ঠান পৰিচালনা কৰে গুৱাহাটীৰ ফাইন আৰ্ট চ’চাইটিৰ সম্পাদক জ্যোতি প্ৰসাদ দাস আৰু চিত্ৰ শিল্পী মাধুৰ্য্য ভাগৱতীয়ে ৷ অনুষ্ঠানত বিভিন্ন বিদ্যালয়ৰ পৰা অহা প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে।













