বিশেষ প্ৰতিবেদন:
ডায়েবেটিছ ৰোগীয়ে চেনী মুখত নিদিয়ে৷ কাৰণ তাৰ পাছত ফলাফল ভয়াৱহ হৈ পৰে৷ অৰ্থাৎ চেনী খালে ডায়েবেটিছৰ মাত্ৰা বাঢ়ি যায়৷ আনহাতে চেনী হ’ল পুষ্টিহীন কেলৰী৷ চেনী খোৱা মানুহৰ ওজন বৃদ্ধি পোৱাটো স্বাভাৱিক৷ তদুপৰি চেনী খালে হৃদযন্ত্ৰ আৰু যকৃত অসুস্থ হৈ পৰাৰ লগতে হৰমনৰ মাত্ৰা উঠা-নমা কৰে৷
ইয়াৰ লগতে চেনী খোৱাৰ বাবে ক’লেষ্টৰল, ট্রাইগ্লিছাৰাইড বাঢ়ে৷ কেতিয়াবা চেনী খোৱাৰ বাবে ককৰ্ট ৰোগ হোৱাৰো সম্ভাৱনা থাকে৷ পৃথিৱীৰ বিখ্যাত নেচাৰ পত্রিকাত প্রকাশিত ৰিপৰ্টত বিজ্ঞানীসকলে জনোৱা মতে অতিৰিক্ত চেনী খোৱাৰ ফলত নানা ৰোগত ভোগী প্ৰতি বছৰে বিশ্বত প্ৰায় চাৰে তিনি কোটি মানুহৰ মৃত্যু হয়৷
সংক্রামক ৰোগত মানুহ যেতিয়া আক্রান্ত হয়, তাতকৈ বেছি মানুহ অসুস্থ হয় চেনীৰ বিষ ক্রিয়াত৷ বিশ্ব স্বাস্থ্য সংস্থাৰ হিচাপ মতে পুৰুষে দিনে ৯ চামোচ আৰু মহিলাই ৬ চামোচৰ বেছি চেনী খাব নালাগে৷
আমেৰিকা চৰকাৰৰ ডায়াটেৰী গাইড লাইন অনুযায়ী দিনে যিমান কেলৰী আমি খাও তাৰ ১০–১৫ শতাংশ কমাই অহা উচিত চেনী৷ বিভিন্ন সমীক্ষাৰ পৰা জানিব পৰা গৈছে ১০–১৫ শতাংশটো বাদেই বহু সময়ত ২৫ শতাংশও নামানে এই কথা নামানে৷