ASSAM TIMES POST
নতুন দিল্লীঃ পশুৰাজ সিংহৰ আয় ১৫০ কোটি টকা! আচৰিত নহ’ব। হলিউডৰ ‘দ্য লায়ন কিং’ নামৰ চলচ্চিত্ৰখনে এতিয়া বক্স অফিছত খলকনিৰ সৃষ্টি কৰিছে। মাত্ৰ ২৪ দিনৰ ভিতৰতে চলচ্চিত্ৰখনে এই ইৰ্ষণীয় উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ১৯ জুলাইত মুক্তিপ্ৰাপ্ত ছবিখনে প্ৰথম দিনাই অৰ্জন কৰে ১১ কোটি টকা। তিনিদিনৰ ভিতৰত ৫০ কোটি টকা অতিক্ৰম কৰা চলচ্চিত্ৰখনে ইংৰাজীৰ ওপৰিও হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি লাভ কৰিছে।













