ASSAM TIMES POST
নতুন দিল্লীঃ আপোনাক যদি কোনোবাই ঘৰৰ ওপৰত ঘঁৰিয়াল এটা আছে বুলি কয়, তেন্তে আপুনি ভাবিব যে কি গছত গৰু উঠা কথা ক’বলৈ আহিছে। কিন্তু কোনেও তেনে আচৰিত কথা কোৱা নাই এইবাৰ। বানবিধ্বস্ত কৰ্ণাটকৰ এটা ঘৰৰ ওপৰত মুখ মেলি থকা প্ৰকাণ্ড ঘঁৰিয়াল এটাৰ কথা সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কৰ্ণাটকৰ বানে সৰ্বাধিক ক্ষতিসাধন কৰা বেলগাউম জিলাত এই ঘটনা সংঘটিত হৈছে। ঘৰৰ ওপৰত আশ্ৰয় লৈ থকা ঘঁৰিয়ালটোৰ আলোকচিত্ৰ তথা এটা ১৫ চেকেণ্ডৰ ভিডিঅ’ও ইতিমধ্যে মুকলি কৰি দিছে আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা এএনআয়ে।












