নিউজ ডেক্স:
এক স্বপ্নৰ জয় আনি দিছিল ১৯৮৩ চনৰ বিশ্ব কাপ ক্ৰিকেটত৷ সেই বিশ্ব কাপ ক্ৰিকেটত জয়ী ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক আছিল কপিল দেৱ৷ এইজন যুঁজাৰু কপিল দেৱ হৃদৰোগত আক্ৰান্ত হৈ দিল্লীৰ এখন বেচৰকাৰী চিকিৎসালয়ত ভৰ্ত্তি হৈছিল৷
অৱশেষত তেওঁ সুস্থ হৈ ঘৰলৈ চিকিৎসালয় এৰিলে৷ উল্লেখ্য যে হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্ত্তি হোৱা ‘হাৰিয়ানাৰ হাৰিকেন’ কপিল দেৱৰ এসময়ৰ সতীৰ্থচেতন শৰ্মাই দেওবাৰে দুপৰীয়া টুইট কৰি জনালে এই সুখবৰ৷
তেওঁ দিল্লীৰ ওখলা ৰ’ডৰ বেচৰকাৰী চিকিৎসালয়ৰ চিকিৎসকৰ সৈতে কপিল দেৱৰ এখন ছবিও প’ষ্ট কৰে৷ নিজৰ টুইটত তেওঁ লিখে, “ডাঃ অতুল মাথুৰে কপিলজীৰ এঞ্জিৱপ্লাষ্টি কৰিছে৷ তেওঁ এতিয়া সম্পূৰ্ণ সুস্থ আৰু স্বাভাৱিক৷ চিকিৎসালয়ৰ পৰা তেওঁক যাবলৈ দিয়া হৈছে৷”
আনহাতে কপিল দেৱৰ এই সুস্থতাৰ খবৰে স্বাভাৱিকতে স্বস্তিত পেলাইছে অগণন শুভাকাংক্ষীক৷ উল্লেখ্য যে দীৰ্ঘ দিন ধৰি ডায়েবেটিছ ৰোগত আক্ৰান্ত কপিল দেৱ৷ এইবাৰ তেওঁ হৃদৰোগত আক্ৰান্ত হয়৷ সমগ্ৰ দেশে তেওঁৰ আৰোগ্য কামনা কৰে৷ অৱশেষত দুদিনৰ ভিতৰতে তেওঁ সুস্থ হৈ উঠে৷ অৱশেষত সুস্থ হৈ ঘৰলৈ উভতিল ‘হাৰিয়ানাৰ হাৰিকেন’ কপিল দেৱ৷