ASSAM TIMES POST
গুৱাহাটীঃ কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত দেওবাৰে সন্ধিয়া ৭ বজাত চুটি ছবি ‘অপৰাহ্ন, দ্য ৱেনিঙ ছান’ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। বাইস্ক’প প্ৰডাকচনৰ বেনাৰত ছবিখন নিৰ্মাণ কৰা হৈছে।

মানৱ জ্যোতি বৰুৱাই পৰিচালনা কৰা ছবিখনৰ বিশেষ প্ৰদৰ্শনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পৱিত্র মাৰ্ঘেৰিটা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সাহিত্য বিভাগৰ মুৰব্বী অধ্যাপক ডঃ অনিল বড়ো, চুটি ছবি নিৰ্মাতা অমৰদ্বীপ গগৈ, বিশিষ্ট অভিনেতা মিন্টু বৰুৱা, সংগীত শিল্পী পুলক বেনাৰ্জীকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে কিচমত বানু আৰু মৌচুমী বৰগয়াৰীয়ে। ছবিখন প্ৰযোজনা কৰিছে মৌচুমী বৰগয়াৰী আৰু ৰিণি বসুমতাৰীয়ে। সহযোগী পৰিচালক পংক্ষী পেগু। এজন শিল্পীৰ সৃষ্টিৰ তাড়না আৰু তাৰ সমান্তৰালভাৱে শিল্পীগৰাকীৰ নিজৰ মাজত চলি থকা সংগ্ৰাম, কল্পনা প্ৰৱণতা, নিজকে লৈ মনত জাগ্ৰত হোৱা সন্দেহ আদি কথাবোৰ ছবিখনৰ জৰিয়তে প্ৰকাশ কৰিব বিচৰা হৈছে।

উল্লেখযোগ্য যে পৰিচালক হিচাপে মানৱজ্যোতি বৰুৱাৰ এইখন প্ৰথম চুটি ছবি। ইয়াৰ পূৰ্বে তেওঁ কেইবাখনো অসমীয়া চিনেমা তথা ডুকুমেন্টৰীত সহযোগী পৰিচালক তথা চিত্ৰগ্ৰহণকাৰী হিচাপে কাম কৰিছে। মন কৰিবলগীয়া যে চুটি ছবিখনে ইতিমধ্যে লণ্ডনৰ লিফ্ট অফ ছেছন ফিল্ম ফেষ্টিভেললৈ মনোনয়ন লাভ কৰিছে।













