ASSAM TIMES POST
বোকাখাতঃ বোকাখাত ম’হমাইকী গাঁৱৰ অশান্ত বৰঠাকুৰে তেওঁৰ মাতৃ মাজনী দেৱীৰ সোঁৱৰণত প্ৰথমবাৰৰ বাবে প্ৰদান কৰে মাজনী দেৱী শৈক্ষিক সোঁৱৰণী বঁটা ৷ প্ৰথমবাৰৰ বাবে মাজনী দেৱী সোঁৱৰণী প্ৰথম শৈক্ষিক বঁটা লাভ কৰিছে বোকাখাত টাউন হাইস্কুলৰ নয়ন ৰঞ্জন শৰ্মাই ৷ এই বঁটা বোকাখাত টাউন হাইস্কুলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ বা ছাত্ৰীক প্ৰতি বছৰে প্ৰদান কৰা হ’ব বুলি দাতা পৰিয়ালৰ পৰা জনোৱা হৈছে ৷
চলিত বৰ্ষত বোকাখাত টাউন হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯২ শতাংশৰে ৫৫২ সৰ্বোচ্চ নম্বৰ লাভ কৰা নয়ন ৰঞ্জন শৰ্মাক যোৱা ১৩ আগষ্টত বোকাখাত টাউন হাইস্কুলত দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সভাত আনুষ্ঠানিকভাৱে বঁটাটো প্ৰদান কৰে মাজনী দেৱীৰ পুত্ৰ অশান্ত বৰঠাকুৰে ৷

বঁটাটোৰ লগত মানপত্ৰ আৰু একোখনিকৈ গামোচা, কিতাপৰ টোপোলা, নগদ ধন প্ৰদান কৰা হৈছে। বোকাখাত টাউন হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ অশান্ত বৰঠাকুৰে নিজৰ ব্যক্তব্যত তেওঁৰ মাতৃ বিশেষ শিক্ষিত নাছিল যদিও সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত স্বৰ্গীয়া মাতৃয়ে আগবঢ়োৱা উল্লেখযোগ্য অৰিহনা তথা তেখেতৰ দায়িত্ব আৰু কৰ্তব্য পালনৰ কথা শ্ৰদ্ধাৰে দোহাৰে ৷
মাতৃৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবেই পুত্ৰ অশান্ত বৰঠাকুৰে এনে পদক্ষেপ গ্ৰহণ কৰা বুলিও লগতে মন্তব্য কৰে আৰু আশা প্ৰকাশ কৰে যে এই বঁটাৰ জড়িয়তে ছাত্ৰ-ছাত্ৰী সকল উপকৃত হ’ব পৰিব ৷ প্ৰতি বছৰেই বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ বা ছাত্ৰীগৰাকীক অশান্ত বৰঠাকুৰে মাতৃৰ সোঁৱৰণীত বঁটা প্ৰদান কৰি যাব বুলি ঘোষণা কৰে ৷
বিদ্যালয় অভিভাৱক সমিতিৰ সভাপতি অজিত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰধান শিক্ষক জিতেন শইকীয়া, শিক্ষয়িত্ৰী ৰুমী বৰা, শিক্ষক ডেকনাথ উপাধ্যায়, প্ৰতিদিন টাইমৰ সাংবাদিক দিব্যজ্যোতি হাজৰিকাই বক্তব্য প্ৰদান কৰে ৷ সভাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকে ৷ সভাতেই দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ মূল্যায়ণ বহী সমূহ অভিভাৱকৰ হাতত প্ৰদান কৰা হয়। বিদ্যালয় কৰ্তৃপক্ষ, অভিভাৱক তথা বোকাখাতৰ ৰাইজে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত অশান্ত বৰঠাকুৰে লোৱা এনে প্ৰচেষ্টাৰ শলাগ লয়।













