নিউজ ডেক্স:
অহা ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে দেশত আনলক ৫। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ইতিমধ্যে জাৰি কৰিছে এই নিৰ্দেশনা। ২০ ডিচেম্বৰলৈ কনটেইনমেন্ট জ’ন সমূহত চলিব “লক-ডাউন”। গাইডলাইন অনুসৰি, নন কনটেইনমেন্ট জ’নত স্কুল খোলাৰ ক্ষেত্ৰত স্বাধীনভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে আৰু লগতে অনলাইন আৰু দূৰশিক্ষাক উৎসাহিত কৰিব লাগিব বুলিও জনোৱা হয়।
কোনো শিক্ষাৰ্থীয়ে যদি বিদ্যালয় যাবলৈ মন নকৰে তেতিয়াহ’লে তেওঁলোকক বিদ্যালয়লৈ যাবলৈ বাধ্য কৰোৱাব নোৱাৰিব আৰু তেওঁলোকে অনলাইনত শিক্ষা গ্ৰহণ কৰিব পাৰিব। ছাত্ৰসকল বিদ্যালয়লৈ যাবলৈ অনুমোদন লাগিব তেওঁলোকৰ অভিভাৱকৰ।
উচ্চ শিক্ষা বিভাগে প্ৰয়োজনত গৃহ মন্ত্ৰণালয়ৰ পৰামৰ্শ ল’ব পাৰিব।পিএইচডি বা স্নাতকোত্তৰ পৰ্যায়ৰ যিসকল ছাত্ৰ–ছাত্ৰীৰ পঢ়া–শুনা লেব’ৰেটৰীৰ ওপৰত নিৰ্ভৰশীল তেওঁলোকে ১৫ অক্টোবৰৰ পৰা যাব পাৰিব।