ASSAM TIMES POST
বোকাখাতঃ হাতী মানুহৰ সংঘাতৰ বাবে ৰাজ্যৰ ভিতৰত শীৰ্ষত আছে গোলাঘাট জিলা। গোলাঘাট জিলাৰ ধলাগুৰি মধ্য ইংৰাজী বিদ্যালয়ত যোৱা ১৩আগষ্টত বিশ্ব হস্তী দিৱস উদযাপন কৰা হয় ৷ দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যৰ উদ্যোগত বিদ্যালয় কৰ্তৃপক্ষ আৰু মৰঙী প্ৰেছ ক্লাবৰ সহযোগত আয়োজিত বিশ্ব হস্তী দিৱসৰ আজিৰ কাৰ্যসুচীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী , শিক্ষক কৰ্মচাৰীৰ উপৰিও স্থানীয় লোকেও অংশ গ্ৰহন কৰে ৷
বিদ্যালয় খনৰ সহকাৰী শিক্ষক জিতেন হাজৰিকাই আঁত ধৰা অনুষ্ঠানত গোলাঘাটৰ ডি এফ অ’ ভাস্কৰ ডেকা , গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া , মৰঙী প্ৰেছ ক্লাবৰ সভাপতি হেমন্ত শইকীয়া , সম্পাদক প্ৰিয়নদ্বীপ কাকতী, বনাঞ্চলিক বিষয়া পুষ্পধৰ বুঢ়াগোহাঁই , শংকৰ দেৱ শিশু নিকেতনৰ আচাৰ্য নৱজ্যোতি শৰ্মাই অংশগ্ৰহন কৰে ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক অৰূপ দুৱৰাৰ আদৰণী ভাষণৰ পাচত অনুষ্ঠান উদ্বোধন কৰে ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই ৷
হস্তী দিৱসৰ লগত সংগতি ছাত্ৰ ছাত্ৰীৰ মাজত ৰচনা আৰু আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰিও বিদ্যালয়ৰ দেৱালত হাতীৰ চিত্ৰ অংকন কৰে শিক্ষক নৱজ্যোতি শৰ্মাই ৷ অনুষ্ঠানতে প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীক আৰণ্যকৰ তৰফৰ পৰা মান পত্ৰ আৰু উপহাৰ প্ৰদান কৰা হয় ৷ অনুষ্ঠানৰ শেষত আৰণ্যকৰ সমন্বয়ক নিৰঞ্জন ভূঞাই হস্তী দিৱসৰ সফলতাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷













