নিউজ ডেস্কঃ
নোৰা ফটেহি। বলিউডত নৃত্যৰ বাবে তেওঁ ‘ডেন্স কুইন’ নামে খ্যাত। নোৰাই যি কৰে সেয়াই ভাইৰেল হৈ যায়। সম্প্রতি নোৰাৰ সৈতে নাম সাঙোৰ খাই পৰিছে টেৰেন্স লুইছৰ। নৃত্য কৰিবলৈ গৈ ভুলতে হাত লাগিছিল নোৰাৰ নিতম্বত। আৰু সেই ভিডিও মুহূর্ততে ভাইৰেল হয়। সকলোৱে তেওঁলোকক লৈ বিভিন্ন কথা আলোচনা কৰে। অৱশেষত টেৰেন্সে নিজৰ ছচিয়েল মিডিয়াত লিখিতভাৱে জনায় সেয়া ইচ্ছাকৃত নহয়। ইয়াৰ পিছত সকাহ পালেও কিন্তু চর্চাই যেন তেওঁলোকৰ পিছ এৰিবই নোখোজে।
সম্প্রতি আৰু এটি ভিডিও ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ৰিয়েলিটি শ্বত বিচাৰকৰ আসনত বহি আছে গীতা কাপুৰ আৰু মালাইকা অৰোৰা। তাতেই বিচাৰক নোৰা আৰু টেৰেন্সও।
এইবাৰ এই মঞ্চতেই নোৰাক প্রেম নিবেদন কৰিলে টেৰেন্সে। ‘পেহলা পেহলা পেয়ার হ্যায়’ গানত নাচি নাচি নোৰাক ভালপোৱা প্ৰকাশ কৰে তেওঁ। ইয়াৰ পিছত হঠাতে নোৰাক কোলাত তুলি লয় টেৰেন্সে। এই কাণ্ড দেখি হতভম্ব হৈ পৰে নোৰা। কেৱল তেৱেঁই নহয়, উপস্থিত বিচাৰকসকলৰো মুখ মেল খাই ৰয়। প্রশ্ন উঠে, তেতিয়াহ’লে সঁচাকৈয়ে নোৰাক ভালপায় নেকি টেৰেন্সে! অৱশ্যে এইটোও এটি নৃত্যৰেই ভিডিও। শ্বটোৰ টিআৰপি বঢ়োৱাৰ কৌশল৷ কিন্তু তুমুল চর্চা আৰম্ভ হয় এই ভিডিওক লৈ।