ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : নাৰী সৰবৰাহকাৰীৰ ৰমৰমীয়া বেহা। নগাঁৱৰ জাজৰিত এইবাৰ সংঘটিত হৈছে এক জঘণ্য কাণ্ড। জাজৰিৰ পাঘালীৰ এগৰাকী মহিলাই নিজ গাঁৱৰে দশম শ্ৰেণীৰ ছাত্ৰীক ফুচুলাই অপহৰণ কৰি হাত ভৰি বান্ধি ৪৮ ঘণ্টা আৱদ্ধ কৰি ৰাখে।
পিছত আৰক্ষী আৰু গাওঁবাসীৰ হেঁচাত বুধবাৰে আৰক্ষী থানাৰ সমুখত ছাত্ৰী গৰাকীক এৰি থৈ যায়। ছাত্ৰীগৰাকীৰ পিতৃয়ে বৰি বজাৰ আৰক্ষী পহৰা চকীত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈও অভিযুক্ত মহিলাগৰাকীৰ কোনো সন্ধান ওলোৱা নাই।
উল্লেখ্য যে, অভিযুক্ত মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি নাৰী সৰবৰাহকাৰী চক্রৰ লগত মিলি কেইবাগৰাকীও যুৱতী–মহিলাক অপহৰণ কৰি বহিঃৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ আছে। স্থানীয় ৰাইজে মানৱ সৰবৰাহকাৰী এই চক্রটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।













