ষ্টাফ ৰিপ’ৰ্টাৰ:
কৰ’না অতিমাৰীয়ে তাণ্ডৱ কৰি থকাৰ সময়ছোৱাতো এজনো লোকৰ মৃত্যু নোহোৱাকৈ বাচি থকা ৰাজ্য একমাত্ৰ মিজোৰামেই আছিল যদিও শেহতীয়াকৈ যোৱা ২৮ অক্টোবৰৰ দিনা সেই ৰেকৰ্ড ভংগ হৈছে ৷ দহ দিন কৰ’নাৰ সৈতে যুঁজ দি অৱশেষত ২৮ অক্টোবৰৰ দিনা দিনৰ প্ৰায় ১২°২০ বজাত মৃত্যু ঘটে ৰোগীজনৰ ৷
মিজোৰামৰ জোৰাম মেডিকেল কলেজ হস্পিতালত যোৱা দহ দিন ধৰি ভৰ্তি হৈ থকাৰ পাছত ডৰপুৰৰ আৱাসী লালচাংখুমা নামৰ লোকজনৰ মৃত্যু হোৱা বাতৰিয়ে মিজোৰামৰ লোকসকলক চিন্তাত পেলাইছে ৷













