ষ্টাফ ৰিপোৰ্টাৰ
ডিফু : অসম চৰকাৰৰ সুহৃদ আঁচনিৰ অধীনত আজি বোকাজানত মুঠ ৭৩৯ গৰাকী হিতাধিকাৰীৰ মাজত প্রায় ৫০ লাখ টকাৰ চেক বিতৰণ কৰা হয়। এই উদ্দেশ্যে আজি দিনৰ প্রায় এঘাৰ বজাত সৰিয়হজানৰ হানজাংলাংছ প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ৪৭৭ গৰাকী ছাত্র-ছাত্রীৰ মাজত ২৬,৭৮,০০০ টকাৰ জলপানীৰ ধনৰ চেক বিতৰণ কৰাৰ বিপৰীতে ২৬২ গৰাকী লোকক চিকিৎসা ব্যয়ৰ নামত ২৩,২০,০০০ টকাৰ চেক বিতৰণ কৰে।
ইয়াকে লৈ আজিৰ দিনটোত আঁচনিখনৰ অধীনত মুঠ ৪৯,৯৮,০০০ টকাৰ চেক বিতৰণ কৰা হয়। চেক বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্রদান কৰা ভাষণত স্থানীয় বিধায়কে চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ সন্দর্ভত বাখ্যা আগবঢ়োৱাৰ
লগতে সুহৃদ আঁচনিয়ে পিছপৰা অঞ্চলটোৰ ভালেসংখ্যক লোকক যথেষ্ট সকাহ দিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰে।