ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শাৰীৰিক প্রতিবন্ধকতাকো নেওচি জীৱনৰ কঠোৰ সংগ্রাম

এটা আঙুলিৰে পাচলিৰ সফল ব্যবসায় বকলীয়াঘাটৰ যুবকৰ

News Desk by News Desk
October 30, 2020
Reading Time: 1 min read
A A
0
শাৰীৰিক প্রতিবন্ধকতাকো নেওচি জীৱনৰ কঠোৰ সংগ্রাম

ছাইদুল ইছলাম

RELATED POSTS

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

ডিফু : প্রচণ্ড আত্মবিশ্বাস আৰু প্রবল ইচ্ছাশক্তিৰে অসম্ভৱকো সম্ভৱ কৰি কার্বি আংলং জিলাৰ বকলীয়াঘাটত স্বাৱলম্বনৰ অনন্য দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে দেউৰাম বৰদলৈ নামৰ এগৰাকী দিব্যাংগ যুবকে। উল্লেখযোগ্য যে, বকলীয়াঘাট বাহনি আদর্শ নিবাসীৰ যুবকজনে মাত্র চাৰি বছৰ বয়সতে খেলি থকা অৱস্থাত দুর্ভাগ্যক্রমে বিদ্যুস্পৃষ্ট হয়। উক্ত ভয়ংকৰ ঘটনাত কোনো মতে প্রাণ ৰক্ষা পৰা যুৱকজনে চিকিৎসকৰ বিশেষ পৰিচর্যাত কোনো মতে জীৱন ঘূৰাই পাবলৈ সক্ষম হয় যদিও শোকাৱহ উক্ত ঘটনাত দেউৰামে বাওহাতখন হেৰুৱাবলীয়া হোৱাৰ

লগতে সোঁহাতৰো চাৰিটাকৈ আঙুলি হেৰুৱাবলগীয়া হয়। ইয়াৰ পিছতো জীৱনৰ আশা হেৰুৱাব নোখোজা দেউৰামে বিগত সময়ছোৱাতে কেৱল মাত্র সোঁহাতৰ বুঢ়া আঙুলিটোৱেই একপ্রকাৰ অসাধ্য সাধন কৰি সকলোকে বিস্ময়-বিমোহিত কৰি তোলাৰ লগতে আন দহজন সম্পূর্ণ সুস্থ যুবকৰ দৰে উলিয়াইছে আত্মসংস্থাপনৰো পথ। হাতৰ এটা আঙুলি আৰু ভৰিৰ সহায়ত লিখা-পঢ়া কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাতো অৱতীর্ণ হোৱা দেউৰামে এনে অৱস্থাৰে চাইকেল চলোৱাকে ধৰি অন্য সকলো কাম-কাজ নিজাববীয়াকৈ কৰি লোৱাতো একপ্রকাৰ অভ্যক্ত।

নিচেই কম বয়সতে জীৱনৰ এনে কঠিন প্রত্যাহ্বানৰ সম্মুখীন হোৱাৰ পিছতো হাৰ মানিবলৈ নিশিকা যুবকজনৰ জীৱনলৈ শেহতীয়াকৈ নামি আহিছে এটাৰ পিছত আনটো দুর্যোগ। কর্মসূত্রে পিতু-মাতৃ অন্য ঠাইত থকাৰ হেতু বকলীয়াঘাটৰ মোমায়েকৰ আশ্রয়ত থকা যুৱকজনে কিছুদিনৰ পুর্বে মোমায়েকক হেৰুৱাবলগীয়া হয়।

DIPHU1 | ASSAM TIMES POST

আনহাতে, কৰোনা মহামাৰীৰ সংহাৰৰ মাজতে বকলীয়াঘাটৰ বাঁহনি আদর্শত এখন চকীক কেন্দ্র কৰি সৃষ্টি হোৱা কাজিয়াৰ পৰিণতিত দেউৰামৰ মোমায়েকৰ পুতেকজনকো এগৰাকী উদণ্ড যুৱকে দাৰে ঘপিয়াই নৃশংসভাবে হত্যা কৰে। পৰিয়ালটোব দুজনকৈ উপার্জনক্ষম লোকৰ কম সময়ৰ ভিতৰতে মৃত্যু হোৱাৰ পিছত জীৱন-জীৱিকালৈ সংকট নামি অহা পবিয়ালটোৰ জীবিকা উপার্জনৰ দায়িত্ব ল’বলগীয়া হয় দিব্যাংগ দেউৰাম ববদলৈয়ে। এনে এক পৰিস্থিতিত শেহতীয়াকৈ বকলীয়াঘাটৰ বাঁহনি আদর্শ বজাৰত এখন শাক-পাঁচলিৰ দোকান কৰি ব্যবসায়ত হাত দিছে দেউৰাম নামৰ যুবকজনে। কেৱল মাত্র তর্জনী আঙুলি থকা এখন হাতেৰেই শাক-পাঁচলিৰ দোকান দি সুকলমে ব্যবসায়ব কাম-কাজ আগবঢ়াই নিবলৈ সক্ষম হৈছে।

অক্ষমতাকো নেওচি স্বাধীনচিতীয়া ব্যৱসায়েৰে স্বাৱলম্বনৰ প্রয়াস অব্যাহত ৰখা দেউৰামৰ এনে আদৰণীয় প্রচেষ্টালৈ স্থানীয় গ্রাহকসকলেও প্রয়োজনীয় সঁহাৰি আগবঢ়োৱা পৰিলক্ষিত হৈছে। ক্ষুদ্র দোকানখনৰ জৰিয়তে সম্প্রতি দৈনিক কমেও ১০০০/১২০০ টকাৰ ব্যবসায় কৰাবুলি যুৱকজনে সংবাদ মাধ্যমক জানিবলৈ দিছে। নিজৰ সফলতাক লৈ প্রচণ্ড আশাবাদী যুৱকজনে নিজৰ শাৰিৰীক বাধাৰ বাবে কোনোধৰণৰ অসুবিধাৰ সন্মখীন হ’বলগীয়া হোৱা নাই বুলিও লগতে মন্তব্য কৰে।

উল্লেখযোগ্য যে, কৰোনাৰ সংক্রমণৰ প্রকোপ হ্রাস পোৱাৰ পৰিপ্রেক্ষিতত কর্মসংস্থাপনৰ অভাৱত জাকে জাকে অসমীয়া যুৱক বহিঃবাজ্যলৈ ঢাপলি মেলাৰ প্রক্রিয়া পুনৰ আৰম্ত হোৱাৰ সময়তে বকলীয়াঘাটৰ দেউৰাম বৰদলৈ নামৰ যুবকজনে পর্বতসম শাৰীৰিক প্রতিবন্ধকতাকো একাষৰীয়া কৰি পৰিয়ালৰ ভৰণ-পোষণৰ গুৰুদায়িত্ব পালন কৰি দেখুওৱা স্বাৱলম্বিতাৰ এনে নিদর্শন বাৰুকৈয়ে গুৰুত্বপূর্ণ বিবেচিত হৈছে।

Tags: Featured
Share4Tweet3Send

Related Posts

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

by ASSAM TIMES POST
July 27, 2026
50
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

by ASSAM TIMES POST
July 25, 2026
50
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

by News Desk
July 22, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
ADVERTISEMENT
Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized
Assam

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

July 28, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
50
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel
National-International

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

July 27, 2026
50
Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions
NORTHEAST

Manipur Crisis : Kuki Blockade After Goods Seized Sparks Tensions

July 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

July 28, 2026
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

July 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx