নিউজ ডেক্স:
নাগৰিকত্ব সংশোধনী আইন চমুকৈা “কা” ক লৈ শুনানি অনুষ্ঠিত হ’ব নৱেম্বৰ মাহৰ ৪ তাৰিখে। উচ্চতম ন্যায়ালয়ত দাখিল কৰা লেখ আবেদন সমূহৰ শুনানিৰ বাবে পূৰ্বতে ২ নৱেম্বৰৰ তাৰিখটো দিয়া হৈছিল যদিও শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ ৱেবচাইটত এই তাৰিখৰ সালসলনি কৰি ৪ নৱেম্বৰ কৰি দিয়া হৈছে। বিগত জানুৱাৰী ২২ তাৰিখে “কা” ক লৈ অন্তিমটো শুনানি অনুষ্ঠিত হৈছিল।
উল্লেখ্য যে, কেইবাটাও সন্থাই মিলি উচ্চতম ন্যায়ালয়ত বিতৰ্কিত “কা” বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। ইয়াৰ ভিতৰত মূল আৱেদনকাৰী হৈছে ইণ্ডিয়ান ইউনিয়ন মুছলিম লিগ; সমান্তৰালকৈ গোচৰ ৰুজু কৰা আন সন্থা সমূহ হৈছদ ক্ৰমে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি।
এই আবেদন সমূহ প্ৰথমতে মূল আবেদনকাৰীৰে সংলগ্ন কৰি দিয়া হৈছিল যদিও পিছত উত্তৰ-পূৱৰ পৰা দাখিল হোৱা আবেদনসমূহ পৃথকে গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিল সৰ্বোচ্চ ন্যায়ালয়ে ।