ষ্টাফ ৰিপ’ৰ্টাৰ:
নাগালেণ্ডৰ নকলাকত সংঘটিত ভয়ংকৰ দূৰ্ঘটনা; থিতাতে মৃত্যু তিনি জন লোকৰ। খবৰনুসৰি, শনিবাৰে পুৱা ম্যানমাৰ সীমান্তৰ পৰা চহৰ অভিমুখী এখন টাটা ছমুৱে নিয়ন্ত্ৰণ হেৰুৱাই এটা জুৰিত বাগৰি পৰে।
ফলত, থিতাতে তিনি যাত্ৰী নিহত হোৱাৰ লগতে এজন গুৰুত্বৰভাৱে আহত হয়। আহত যাত্ৰী গৰাকীক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমানেও যাত্ৰী কেইগৰাকীৰ চিনাকী সমুখলৈ অহা নাই।