ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্য বিজেপি চৰকাৰে দাখিল কৰা চাৰিখন বাজেটে কাৰ্যকৰী কৰাত ব্যৰ্থ হোৱা বুলি অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰাই কৰা সমালোচনাক প্ৰত্যুত্তৰ বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ।
“ৰিপুন বৰা মাটিৰ পৰ ওপৰত আছে গতিকে কাম দেখা নাই। কংগ্ৰেছৰ এটা প্ৰতিনিধি দল আহি মোক লগ ধৰক নহ’ল মোক তেওঁলোকৰ ঘৰলৈ নতুবা কংগ্ৰেছ বিধায়কৰ ঘৰলৈ মাতক মই বাজেটৰ কিমান কাম হ’ল দেখাই দিম। খতিয়ান চায় তেওঁ গৌৰৱ অনুভৱ কৰিব”- মন্ত্ৰী শৰ্মাই কয়।
বিজেপি চৰকাৰে ৯০ শতাংশ বাজেটৰ কাম সম্পূৰ্ণ কৰা বুলি দাবী কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয়- দুই হাজাৰ কোটি টকা কাম আজি দিনত চলি আছে। সেইবোৰ তেওঁলোকৰ খবৰ নাই। তাৰ সলনি আজমল, ধূতি, লুঙীলৈ তেওঁলোক ব্যস্ত।
অৰুণোদয় আঁচনি সমালোচনা কৰাটোৱে প্ৰমাণ কৰিছে ৰিপুন বৰা মানসিকতা কিমান বহল।এই আঁচনিক সমালোচনা কৰি অসমৰ দৰিদ্ৰ মানুহক ভেঙুচালি কৰিছে- শৰ্মাই কয়।
অৰুণোদয় আঁচনিক সমালোচনা কৰি অসমৰ ২০ লাখ মানুহৰ অভিশাপ বৰাই কিয় লব বিচাৰিছে বুলি উল্লেখ কৰি শৰ্মাই কয়- এনেই বেয়া দিন চলি আছে। ২০ লাখ মানুহৰ অভিশাপ লাগিলে গাড়ী এক্সিডেণ্টা হৈ যাব”।
অৰুণোদয় আঁচনি জৰিয়তে বিজেপিয়ে ভোট কিনিব বিচৰা বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কৰা মন্তৱ্যক উভতি ধৰি শৰ্মাই কয়- জনীয়া, বাঘবৰ, জলেশ্বৰতো এই আঁচনি হিতাধিকাৰী আছে তেওঁলোকক মই কি ভোট খুজিব যাম নেকি”!
গুৰুত্বপূৰ্ণ অহা ২২ নৱেম্বৰত অৰুণোদয় আঁচনি শুভাৰম্ভ কৰা কথাও সংবাদমেলত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। হিতাধিকাৰী ঘৰে ঘৰে অৰুণোদয় আঁচনি একোটা ল’গ লাগিব। যাৰ মন যায় সিয়েই আৰটিআই কৰিব পাৰিব। গতিকে হিতাধিকাৰীসকলে ভুৱা তথ্য প্ৰমাণ দাখিল কৰি আঁচনি সুবিধা নল’ব।অন্যথা আইনৰ আওতাত আহিব।