ASSAM TIMES POST
ডিফুঃ কাৰ্বি আংলং জিলাবাসীৰ বাবে সুখবৰ৷ ডিফু সমষ্টিৰ সাংসদ হৰেণছিং বে’ৰ আশাশুধীয়া প্ৰচেষ্টাত দুখনকৈ দীৰ্ঘ দূৰত্বৰ ৰে’ল ডিফু আৰু হাবাইপুৰত ৰখাৰ সিদ্ধান্ত লৈছে ৰে’ল বিভাগে৷ উল্লেখ্য যে ডিফু ৰে’ল ষ্টেচনৰ উন্নতিৰ বাবে সাংসদজনে অলপতে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পিযুষ গোৱেলক নতুন দিল্লীত সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল৷
সাংসদজনে স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি শিলচৰ-ডিব্ৰুগড় বৰাক-ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ ডিফুত আৰু গুৱাহাটী-মৰিয়নি এক্সপ্ৰেছ হাবাইপুৰত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ মন কৰিব লগীয়া যে হাবাইপুৰ ৰে’ল ষ্টেচন লামডিং মণ্ডলৰ অধীনস্থ৷ বৰ্তমানে ছমাহৰ বাবে পৰীক্ষামূলকভাৱে এই ৰে’ল দুখনৰ ষ্টপেজ দিয়া হৈছে৷
প্ৰাপ্ত তথ্য মতে ডিব্ৰুগড়-শিলচৰ বৰাক-ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ ডিফুত পুৱা ৯-৪০ বজাত পাবহি আৰু ৯-৪২ বজাত ৰাওনা হ’ব৷ আনহাতে শিলচৰ-ডিব্ৰুগড় বৰাক-ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ ডিফু ৪-৪৮ বজাত পাবহি আৰু ৫ বজাত ৰাওনা হ’ব৷ ইপিনে, গুৱাহাটী-মৰিয়নি এক্সপ্ৰেছ হাবাইপুৰত ৩-২৮ বজাত পাবহি আৰু ৩-৩০ বজাত ৰাওনা হ’ব৷
লগতে মৰিয়নি-গুৱাহাটী এক্সপ্ৰেছ হাবাইপুৰত ১২-০৩ বজাত পাবহি আৰু ১২-০৫ বজাত ৰাওনা হ’ব৷ উল্লেখ্য যে ডিফুৰ সাংসদ হৰেণছিং বে’ৰ পদক্ষেপৰ ফলত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পিযুষ গোৱেলে তাৎক্ষণিকভাৱে পদক্ষেপ লোৱাত কাৰ্বি আংলঙৰ বিভিন্নমহলে সন্তুষ্টি প্ৰকাশ কৰিছে৷ কাৰ্বি আংলঙৰ এই যুৱ সাংসদজনৰ প্ৰচেষ্টা ফলৱতী হোৱাত ইয়াৰ জনসাধাৰণে ভূয়সী প্ৰশংসা কৰিছে৷













