অজন্তা তালুকদাৰ:
বোকাখাত : বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কভিড সৃষ্ট পৰিবেশৰ মাজতে আজিৰেপৰা আৰম্ভ হ’ল হাতী চাফাৰী। আজি পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আনুষ্ঠানিক ভাৱে আৰম্ভ কৰে হাতী চাফাৰী। চলিত বৰ্ষত কোভিড-১৯ৰ সংক্ৰমণৰ লগতে প্ৰলয়ংকাৰী বানে উদ্যানখনৰ পৰ্যটন উদ্যোগটোলৈ কঢ়িয়াই আনিছিল অনিশ্চয়তা।
উদ্যানখন বন্ধ হৈছিল পৰ্যটকৰ বাবে। অৱশেষত বিগত ২১ অক্টোৱৰত পুনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল যদিও বন্ধ হৈ আছিল হাতী চাফাৰী। আনহাতে উদ্যান কৰ্তৃপক্ষই বিভাগীয় কঁহৰা বনাঞ্চলত পৰ্য্যটকৰবাবে আজিৰে পৰা আৰম্ভ কৰে হাতী চাফাৰী।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকসকলৰ বাবে মুকলি কৰাৰ ক্ষেত্ৰত সম্পুৰ্ণৰূপে ক’ভিড প্ৰট’কল মানি চলিছে বুলি জানিবলৈ দিয়ে।পৰ্যটক সকলৰ বাবে মাস্ক পিন্ধা, চেনিটাইজাৰ ব্যৱহাৰ কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক কৰা হৈছে বুলি উদ্যান কৰ্তৃপক্ষই সদৰী কৰে।
উল্লেখযোগ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী পৰ্যটক সকলৰ অন্যতম আকৰ্ষণ। প্ৰতিবছৰে দেশ-বিদেশৰ ভালেসংখ্যক পৰ্যটকে আহি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী কৰে।
পৰম্পৰাগত হস্তী পূজাৰে আজি পুৱা চলিত পৰ্যটন বৰ্ষৰ বাবে আৰম্ভ হয় কাজিৰঙাৰ হাতী চাফাৰী৷ বনবিভাগৰ ৬৫টা হাতীৰ ভিতৰত ১০টা চৰকাৰী হাতীৰে ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত পুৱা হাতী চাফাৰী আৰম্ভ কৰা হয়৷ পূৰ্বৰ পৰম্পৰা অনুসৰিয়েই আজি পুৱা ৫ বজাত ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত অনুষ্টুপীয়াকৈ হস্তী পূজা কৰা হয়৷
চাফাৰীৰ বাবে সাজু কৰা বিভাগীয় দহোটা হাতীকে শাৰী শাৰীকৈ থিয় কৰাই কপালত ফোট দি কল-কুঁহিয়াৰ খুৱাই কাজিৰঙাৰ মুখ্য প্ৰৱেশদ্বাৰ মিহিমুখৰ প্ৰথম দৰ্শন চূড়াত এই হস্তীপূজা কৰা হয়৷ ইয়াৰ পাছতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে আৰু ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে নাৰিকল ভাঙি হাতী চাফাৰী মুকলি কৰে৷
আজি প্ৰথম দিনা প্ৰথম খেপত ১৭ গৰাকী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আৰু বহিঃৰাজ্যৰ পৰ্যটকক পিঠিত কঢ়িয়াই হাতী চাফাৰী মিহিমুখৰ পৰা আৰম্ভ হয়৷ আনহাতে, দ্বিতীয় দৰ্শন চূড়াৰ পৰা আৰম্ভ হোৱা আজিৰ প্ৰথম দিনটোৰ দ্বিতীয় খেপৰ চাফাৰীত ২০ গৰাকী পৰ্যটকক ধৰি মুঠ ৩৭ গৰাকী পৰ্যটকে আজি হাতীৰ পিঠিত উঠে৷ আজি কাজিৰঙা দৰ্শন কৰি আপ্লুত হৈ পৰ্যটকসকল৷
ইফালে, অহা সপ্তাহমানৰ পৰা বাগৰি বনাঞ্চলত ব্যক্তিগত চাফাৰীৰ হাতী আহ-যাহৰ পথৰ পানী শুকালেই হাতী চাফাৰী মুকলি কৰা হ’ব জনায় সঞ্চালক শিৱকুমাৰে৷ উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱা ২১ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা অংশ জীপ চাফাৰী কৰাৰ বাবে আনুষ্ঠানিক মুকলি কৰিছিল৷













