![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ডিফু চহৰৰ এখন জনপ্রিয় সাপ্তাহিক বজাৰ লৰুলাংছ । এইবজাৰখন ডিফুবাসীৰ মাজত জনপ্রিয় কাৰণ এই বজাৰখনত ৰাসায়নিক সাৰবিহীন শাক-পাচলি উপলব্ধ হয়। জনজাতীয় খাদ্য সম্ভাৰৰ বাবে বিখ্যাত এই বজাবখন আজিৰে পৰা ডিফু পৌৰ সভাই দৈনিক বজাৰলৈ ৰূপান্তৰ কৰে ৷ পুর্বে জৰাজীর্ণ অৱস্থাত থকা এই বজাৰখন বিগত এটা বছৰত ন ৰূপত আটকধুনিয়াকৈ সজাই তোলা হৈছে। আজি কার্বি আংলং স্বায়ত্ত শাসিত পৰিদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে আনুষ্ঠানিকভাৱে বজাৰখন উদ্বোধন কৰে।

এই উদ্বোধনী কার্যসূচীত সাংসদ হৰেণছিং বে, বহুকেইগৰাকী কার্যবাহী সদস্য, পৰিষদৰ এমএচি, ডিফু পৌৰ সভাৰ অধ্যক্ষ ৰাহ ক্রকে ধৰি বহুকেইখন পৌৰ সভাৰ অধ্যক্ষ উপস্থিত আছিল। সভাত ভাষণ দি সাংসদ হৰেণছিং বেয়ে কয় যে, উত্তৰ-পূর্বাঞ্চলৰ ভিতৰত ছিকিম ৰাজ্য বিখ্যাত ৰাসায়নিক সাৰ বিহীন জৈৱিক শাক-পাচলি, ফল-মূল আদিৰ বাবে। একেদৰে আমাৰ এই লৰুলাংছ’ বজাৰো বিখ্যাত ৰাসায়নিক সাৰ বিহীন শাক-পাচলিৰ বাবে।

পৰিষদৰ মুখ্য কার্যবাহী সদস্য ৰংহাঙে একক প্রচেষ্টাৰে এই বহু পুৰণি বজাৰখন আটক ধুনিয়াকৈ সজাই ৰাইজলৈ সেৱাৰ বাবে আগবঢোৱাৰ বাবে তেওঁ ৰংহাঙক ধন্যবাদ জ্ঞাপন কৰে। এই বজাৰখনৰ গৰিমা অটুট বাখি অসমৰ ভিতৰতে সুনাম কটিয়াই আনিব বুলি তেওঁ আশা প্রকাশ কৰে। মুখ্য অতিথিৰ ভাষণত তুলিৰাম ৰংহাঙে কয় যে, বহু বছৰৰ মুৰত এদিন মই পত্নীসহ এই বজাৰখনলৈ আহিছিলো। বজাৰখনৰ জৰাজীর্ণ ৰূপ দেখি মই ডিফু পৌৰসভাৰ অধ্যক্ষক এই বজাৰখন সম্পূর্ণ ন-ৰূপেৰে গঢ়ি তুলিবলে নির্দেশ প্রদান কৰিছিলো। কাৰণ ডিফুবাসীয়ে এই বজাৰখনত বজাৰ কৰিবলৈ দেওবাৰৰ দিনটোৰ বাবে আপেক্ষা কৰি থাকে। আগন্তক দিনত এইবজাৰখনে অধিক জনপ্রিয় হৈ পৰিব বৃলিও তেওঁ আশা প্রকাশ কৰে।

আনহাতে অসম চৰকাৰে কেন্দ্রীয় চৰকাৰৰ চিআইডিএফ শিতানৰ জৰিয়তে ডিফু চহৰৰ উনয়নৰ বাবে ১০০ কোটি টকা মোকলাই দিয়া বুলি প্রকাশ কৰি ডিফ চহৰৰ উন্নয়নৰ বাবে ন উদ্যামেৰে যুগুতাই উলিওৱা আঁচনিখন ৰাজহৱা কৰে ৷ এই আঁচনিৰ অধীনত ডিফুবৰ ৰংখেলানত লৰুলাংছ বজাৰৰ আৰ্হিতত এখন দৈনিক বজাৰ, ডিফু চহৰৰ বিভিন্ন পথ নির্মাণ, ডিফ চহৰৰ সৌন্দর্য বর্ধনকে ধৰি বিভিন্ন আঁচনি গ্রহণ কৰা হৈছে বুলি ৰংহাঙে উল্লেখ কৰে। কংগ্ৰেছ-এএছডিচিৰ আমোলৰ ৩০টা বছৰৰ তুলনাত বিজেপিৰ তিনিটা বছৰত তুলনা কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায়। টীম কাৰ্বি আংলঙে বিজেপি দলৰ আমোলত ডিফু চহৰৰ লগতে জিলাখনৰ বিভিন্ন প্রান্তৰ উন্নয়নক আগ্রাধিকাৰ দি অহা বলিও ৰংহাঙে দাবী কৰে।












