ASSAM TIMES POST
নতুন দিল্লীঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত গুজৰাটত প্ৰৱেশ কৰাৰ পৰিকল্পনা অব্যাহত ৰাখিছে পাকিস্তানী সন্ত্ৰাসবাদীয়ে। এই কথা সদৰী কৰিছে চোৰাংচোৱা সংস্থাই। এই সন্দৰ্ভত চোৰাংচোৱা সংস্থাই গুজৰাট আৰক্ষীক সতৰ্ক কৰি দিয়ে। চোৰাংচোৱাই লাভ কৰা তথ্য অনুসৰি গুজৰাটৰ কাটচ জিলাৰ ভাৰত-পাকিস্তানৰ সীমাঞ্চলেদি সন্ত্ৰাসবাদীয়ে প্ৰৱেশ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে উক্ত অঞ্চলত অধিক নিৰাপত্তা বাহিনী নিযুক্ত কৰিছে বুলি জানিব পৰা গৈছে।













